আহিনৰ ন কাহিনী
নাজবিন চুলতানা, শিৱসাগৰ
অস্ত্ৰ বিহীন সময়ত সূঁতাকপা
এপলক পোহৰ…
আহিনৰ হৃদয়জোৰা সুগন্ধই
নতুনত্বৰ পৰশ দিব বিচাৰে,
লগ এৰা দিয়া সংগই
কল্পনাৰ দিঠক চুব নোৱাৰিলে।
সেউজতুলিয়া জীৱনৰ ৰেঙনি
শেষ হয় যেন
নিজক পাহৰাই দিয়া আধৰুৱা
কাহিনীৰ জলন্ত তীশা হৈ…।
চুই যোৱা চেঁচা বতাহজাকে
থৰ হৈ ৰোৱা নয়নী ভাষাত
ক’ব বিচাৰে…
ৰৈ যাব দিয়াচোন এই সময়বোৰ …
সাহস আৰু নাই
প্ৰণয়ৰ সপোন দেখাৰ,
পুনৰবাৰ হেঁপাহবোৰো দূৰত্বত
মনিব নোৱাৰা হ’লো…।
আহিনৰ পথাৰখনে বৰকৈ
খুন্দিয়াই স্মৃতিৰ সোঁতত,
ন কাহিনীৰে ৰচিব খোজো আকৌ সপোন…
কিন্তু
ওলাই অহা বাটত
উভতি নাযাওঁ ,
ন দিগন্তৰে ন কাহিনীৰে
আহিনৰ বাটতে ৰওঁ … ।।