আজাৰাত শিক্ষাবিদ, অসম চুক্তিৰ স্বাক্ষৰকাৰী ড০ গোবিন্দ দাসক দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ আদৰ সম্ভাষণ

আজাৰাত শিক্ষাবিদ, অসম চুক্তিৰ স্বাক্ষৰকাৰী ড০ গোবিন্দ দাসক দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ আদৰ সম্ভাষণ 

ৰঙিলী বাৰ্ত্তাসেৱা–  গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা-মিৰ্জাপুৰৰ বাসিন্দা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন উপ-সভাপতি, অসম উচ্চতৰ মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সভাপতি, শ্বহীদ ন্যাসৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষক সমন্বয় সমিতিৰ প্ৰাক্তন মুখ্য সভাপতি, অসম চুক্তিৰ স্বাক্ষৰকাৰী, বিশিষ্ট শিক্ষাবিদ, লেখক ড০ গোবিন্দ দাসক তেওঁৰ নিজস্ব বাসভৱনত “দক্ষিণ কামৰূপ সচেতন মঞ্চ”ৰ‌ তৰফৰ পৰা আদৰ সম্ভাষণ জনায় । অনুষ্ঠানত অংশ লৈ দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ উপদেষ্টা তথা সাংবাদিক, লেখক দীপক শৰ্মাই কয় – “ড০ গোবিন্দ দাসে নিৰলস ভাৱে ওৰেটো জীৱন সমাজৰ হীতৰ বাবে কাম কৰি গৈছে । তেওঁৰ দূৰদৃষ্টি ভাৱে সমাজৰ হকে কন্ঠ নিগৰাইছে ।” মঞ্চৰ‌ অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাসে অংশ লৈ কয়- “ছাত্ৰ জীৱনৰ পৰা অহৰহ অসমৰ সমাজ- সংহতিৰ বাবে কাম কৰা ড০ দাসৰ চিন্তা-চেতনা প্ৰশংসনীয় ।” অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, সচেতন নাগৰিক বাসুদেৱ মালীয়ে কয়- “দাসদা, আমাৰ আদৰ্শ স্বৰূপ । তেওঁৰ প্ৰগাঢ় ব্যক্তিত্ব সকলোৰে বাবে ঈৰ্শনীয় ।” ড০ গোবিন্দ দাসে শেষত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ প্ৰচেষ্টাক শলাগ লৈ অনুষ্ঠানটোৰ দায়বদ্ধতাক প্ৰশংসা কৰে ।