বিজেপি অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ চচিয়েল মিডিয়াৰ কৰ্মশালা

Pc India Today

বিজেপি অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ চচিয়েল মিডিয়াৰ কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টি বশিষ্ঠস্হিত ৰাজ্যিক কাৰ্যালয়ত সংখ্যালঘু মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সামাজিক মাধ্যমৰ এখনি কৰ্মশালা অনুষ্ঠিত হয়। সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক আৰু জিলাৰ আহ্বায়ক সহ আহ্বায়ক সদস্য সদস্যা সকল উপস্থিত থকা কৰ্মশালা খনত বিভিন্ন বিষয়ত ৰাজ্যিক নেতৃত্বই ভাষণ প্ৰদানৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবেও প্ৰস্তুত হ’বলৈ আহ্বান জনায়। সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰীযুত শান্তিয়াজ কুজুৰ ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মশালাখনত ৰাষ্ট্ৰীয় মিডিয়া আহ্বায়ক য়াচিৰ জিলানী, চচিয়েল মিডিয়া কোষৰ ৰাষ্ট্ৰীয় সহ আহ্বায়ক জচোৱান্ত জৈন, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, মাননীয় সাংসদ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰাজনৈতিক সচিব শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, দিপ্লু ৰঞ্জন শৰ্মা, ৰাজ্যিক কাৰ্যালয় সম্পাদক সুজিত বিশ্বাস, সামাজিক মাধ্যম কোষৰ ৰাজ্যিক আহ্বায়ক জিতাংকুৰ দাস, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় খলিলুৰ ৰহমান, মোস্তাক উদ্দিন আহমেদ, সংখ্যালঘু মৰ্চাৰ সামাজিক মাধ্যম কোষৰ ৰাজ্যিক আহ্বায়ক তাফজুল আলী, মিডিয়া আহ্বায়ক হজৰত জাকাৰিয়া ভূঞাকে ধৰি ৰাজ্যিক নেতৃবৰ্গ উপস্থিত থাকে।