আপ অসমৰ আহ্বান, “বিজেপিয়ে ষড়যন্ত্ৰৰে গ্ৰেপ্তাৰ কৰিলেও দিল্লীৰ মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব অৰবিন্দ কেজৰিৱালে অব্যাহত ৰাখি দিল্লীৰ সাধাৰণ ৰাইজৰ নিৰ্দেশ পালন কৰক”

আপ অসমৰ আহ্বান, “বিজেপিয়ে ষড়যন্ত্ৰৰে গ্ৰেপ্তাৰ কৰিলেও দিল্লীৰ মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব অৰবিন্দ কেজৰিৱালে অব্যাহত ৰাখি দিল্লীৰ সাধাৰণ ৰাইজৰ নিৰ্দেশ পালন কৰক

ৰঙিলী বাৰ্ত্তাসেৱা-  এক প্ৰেছ বিবৃত্তি যোগে আম আদমি পাৰ্টী অসমৰ ৰাজ্যিক সমিতিয়ে অৱগত কৰে যে দিল্লীৰ জনসাধাৰণৰ সেৱা অব্যাহত ৰখাৰ স্বাৰ্থত বিজেপিয়ে ষড়যন্ত্ৰৰে গ্ৰেপ্তাৰ কৰিলেও দিল্লীৰ মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব অৰবিন্দ কেজৰিৱালে অব্যাহত ৰাখিবলৈ আহ্বান জনাই৷ ইতিমধ্যেই আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰীৱালে মন্তব্য প্ৰকাশ কৰি কৈছিল যে, “আমি জেললৈ যাবলৈ ভয় নকৰোঁ। আপৰ প্ৰতিজন নেতা জেললৈ যাবলৈ সাজু, এতিয়ালৈকে কোনো প্ৰমাণ দিব নোৱাৰাকৈ ভুৱা অভিযোগত ইডিয়ে জেলত ভৰোৱা প্ৰতিজন আপৰ নেতা সৎ আৰু নিষ্ঠাবান।”এই ক্ষেত্ৰত আপ অসমৰ প্ৰতিজন স্বেচ্ছাসেৱক স্বচ্ছতা, সততা আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাৰে নিজৰ সেৱা আগবঢ়োৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত শাসকীয় বিজেপি চৰকাৰে ৰাজনৈতিকভাৱে কিম্বা উদ্দেশ্যপ্ৰণোদিত ভাবে ইডিয়ে গ্ৰেপ্তাৰ কৰিলেও অৰবিন্দ কেজৰিৱালক নিজৰ দায়িত্বৰ পৰা পদত্যাগ নকৰিবলৈ আপ দিল্লীৰ বিধায়কসকলে তেওঁক কৰযোৰে অনুৰোধ জনাইছে। মূলতঃ ভাৰতীয় জনতা পাৰ্টীয়ে আৰু দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে যদিহে কোনো ৰাজনৈতিক দলক লৈ সমস্যা বা ভয় কৰিছে তেন্তে সেইয়া সকলোতকৈ বেছি আম আদমি পাৰ্টীলৈহে আছে। প্ৰথমে আপ দলৰ সংগঠনৰ নেতা, মন্ত্ৰী -বিধায়ক, সাংসদ আৰু এতিয়া স্বয়ং মুখ্যমন্ত্ৰীকেই ভূৱা গোচৰ জাপি তদন্তৰ নামত ষড়যন্ত্ৰ কৰি জেললৈ নিক্ষেপ কৰিব বিচাৰিছে। বিজেপি আৰু প্ৰধানমন্ত্ৰী বিচাৰিছে যি কোনো প্ৰকাৰে দিল্লীৰ শাসনৰ পৰা অৰবিন্দ কেজৰিৱালক আঁতৰাই পদত্যাগ কৰিবলৈ বাধ্য কৰা যাওক। সেয়েহে দিল্লীৰ প্ৰতিটো প্ৰান্তৰ পৰা জনসাধাৰণৰ আহ্বান যে বিজেপিয়ে ষড়যন্ত্ৰৰে গ্ৰেপ্তাৰ কৰিলেও দিল্লীৰ মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব অৰবিন্দ কেজৰিৱালে অব্যাহত ৰাখক৷ কোনো কাৰণত জনসাধাৰণৰ কাম বন্ধ হৈ যাবলৈ দিয়া নহ’ব। এই ক্ষেত্ৰত আপ অসমৰ ৰাজ্যিক সভাপতি ডা° ভবেন চৌধুৰী প্ৰমুখ্যে আপৰ ৰাজ্যিক সমিতিয়েও দিল্লীৰ নেতা মন্ত্ৰী সকলক সমৰ্থন জনাই একেই অনুৰোধ জনাইছে। যিহেতু দিল্লীৰ ৰাইজৰ জনমত আৰু আশীৰ্বাদ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগত আছে।