নাজিৰা কবি সন্মিলনলৈ পুনৰ শ্ৰেষ্ঠ শাখাৰ সন্মান

নাজিৰা কবি সন্মিলনলৈ পুনৰ শ্ৰেষ্ঠ শাখাৰ সন্মান
যদুমণি হাজৰিকা,নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা– সদৌ অসম কবি সন্মিলনৰ অন্যতম শ্ৰেষ্ঠ শাখা নাজিৰা কবি সন্মিলনলৈ শিৱসাগৰ জিলা কবি সন্মিলনৰ তৰফৰ পৰা পুনৰ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ শাখাৰ সন্মান৷ জাঁজী হেমনাথ শমাৰ্ মহাবিদ্যালয়ত ৫ নৱেম্বৰত অনুষ্ঠিত পূৰ্ণাংগ  দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত আনুষ্ঠানিক ভাৱে নাজিৰা শাখাৰ সভাপতি-সম্পাদক তথা কৰ্মকতা  ৰ্সকলক শ্ৰেষ্ঠ শাখাৰ স্বীকৃতি পত্ৰখন প্ৰদান কৰা হয়৷ উল্লেখ্য যে, ২০১৭চনত¸ গঠিত নাজিৰা কবি সন্মিলনে সংগঠন, কৰ্মতৎপৰতা আৰু সদৌ অসম কবি সন্মিলনৰ মহৎ লক্ষ্য-উদ্দেশ্য প্ৰতিফলিত কৰিব পৰাকৈ সক্ৰিয়তা প্ৰদৰ্শন কৰি অহাৰ সুবাদত ২০১৮ আৰু ২০২১ চনত জিলাৰ শ্ৰেষ্ঠ, ২০২২ চনত সদৌ অসম কবি সন্মিলনৰ অন্যতম শ্ৰেষ্ঠ শাখাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল৷ এগৰাকী হিতৈষী সভ্য, প্ৰায় দুকুৰি গৰাকী আজীৱন সভ্য তথা শতাধিক কবি সদস্য-সদস্যাৰে সমগ্ৰ নাজিৰা মহকুমা এলেকা সামৰি গঠিত নাজিৰা কবি সন্মিলনে গত দ্বি-বাৰ্ষিক কাৰ্যকালত যোৰহাটত নিৰ্মীয়মান কেন্দ্ৰীয় কাযাৰ্লয় চৌহদত প্ৰতিস্থাপক সভাপতি ৰাম গগৈৰ প্ৰতিমূৰ্তি নিমাৰ্ণত সহযোগ, শাখাৰ কাব্য-পত্ৰিকা ‘প্ৰিতীতি’ৰ নিয়মীয়া প্ৰকাশ, কেবাজনো লেখকৰ জ্জ খনকৈ গ্ৰন্থ প্ৰকাশৰ উপৰি ডিজিটেল উপ-সমিতিৰ সৌজন্যত ধাৰাবাহিকভাৱে অন্‌লাইন কবিতাৰ আলচ ‘কবিতা কানন’ৰ দহোটা খণ্ড প্ৰচাৰকে ধৰি কবিসকলৰ কাব্য-চৰ্চাৰ ত্বৰান্বিত তথা কবিতাক জনমুখী কৰাৰ প্ৰচেষ্টাত ব্ৰতী হৈ আহিেছ৷ শাখালৈ আগবঢ়োৱা এই স্বীকৃতিত জিলা কবি সন্মিলনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি সম্পাদক হৰেন চন্দ্ৰ নাথে এই প্ৰাপ্তিৰ গৌৰৱ সমূহীয়া আৰু শাখাৰ কৰ্মকৰ্তা সকলকহে ইয়াৰ প্ৰকৃত অংশীদাৰ বুলি মতপোষণ কৰে৷