দশম ভাৰতীয় উদ্যান শস্য সন্মিলন ২০২৩ৰ শুভাৰম্ভ

দশম ভাৰতীয় উদ্যান শস্য সন্মিলন ২০২৩ৰ শুভাৰম্ভ

দিছ্পুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  ইণ্ডিয়ান একাডেমী অব হৰ্টিকালছাৰেল চায়েন্স (IAHS), নিউ দিল্লী আৰু অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ সহযোগত চাৰিদিনীয়া কাৰ্যসূচীৰে দশম ভাৰতীয় উদ্যান শস্য সন্মিলন ২০২৩ অনুষ্ঠিত হয়এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কৃষি, উদ্যান শস্য আৰু খাদ্য সংশাধন ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে উদ্যান শস্যই সম্ভাব্য বৈচিত্ৰতা, মূল্য সংবৰ্দ্ধন আৰু ৰপ্তানিৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ কৃষি-উদ্যান খণ্ডই পৰম্পৰা, বৈচিত্ৰ, সম্ভাৱ্যতা আৰু উচ্চ চাহিদাপূৰ্ণ খণ্ডৰ ছবি এখন দাঙি ধৰে। অসমৰ জি আই টেগ বিশিষ্ট কাৰ্বি আংলং আদা, কাজি নেমু, জহা চাউল, বোকা চাউল, চকোৱা চাউল আৰু তেজপুৰ লিচুৱে  বিদেশৰ বজাৰ দখল কৰাৰ সম্ভাৱনীয়তাৰ প্ৰসংগ  উত্থাপন কৰি মন্ত্ৰী বৰাই ইয়াৰ বাবে কৃষি বিজ্ঞানী আৰু অন্যান্য অংশীদাৰীসকলক উপযুক্ত প্ৰযুক্তিৰে ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সহায় কৰিবলৈ আহ্বান জনায়। ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ পৰা ৪ হাজাৰ কোটি টকা মূল্যৰ কৃষিজাত পণ্য বিদেশলৈ ৰপ্তানি হোৱাৰ বিষয়ে উল্লেখ কৰি ২০২৬-২৭ বৰ্ষত এই পৰিমাণ ১০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাব বুলি প্ৰকাশ কৰে। জৈৱ-বৈচিত্ৰতাৰে পৰিপূৰ্ণ অসমত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনে উদ্যানশস্যখণ্ডৰ সৈতে জড়িত বিভিন্ন দিশ আলোকপাত কৰি নতুন উদ্ভাৱনীমূলক পদক্ষেপেৰে দেশৰ লগতে অসমৰ অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। উদ্যানশস্যৰ সম্ভাৱনা বৃদ্ধিৰে স্ব-নিৰ্ভৰ ভাৰত গঢ়াৰ উদ্দেশ্যৰে আয়োজন কৰা দশম ইণ্ডিয়ান উদ্যানশস্য সন্মিলন-২০২৩ দ্বিতীয় বাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত হয়। ২০০৪ চনত আৰম্ভ হোৱা এই দ্বিবাৰ্ষিক সন্মিলনখনে সমগ্ৰ দেশৰ উদ্যানশস্য খণ্ডৰ উন্নয়ন আৰু গৱেষণাৰ সৈতে জড়িত উদ্যানশস্যবীদসকলক এখন মঞ্চ প্ৰদান কৰি আহিছে। চাৰিদিনীয়া এই সন্মিলনখনত উদ্যানশস্যৰ গৱেষণা, উন্নয়ন, উদ্যানশস্য ডিজিটেল ফাৰ্মিং, উদ্যানশস্যৰ বহনক্ষম উৎপাদন, উদ্যানশস্যৰ বাণিজ্যিকীকৰণ উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যানশস্য আদি বিভিন্ন বিষয়ত আলোচনা কৰা হ’ব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি Horticulture for Health, Livelihood And Economy, Managing Postharvest Quality and Losses in Horticultural Crops, Indian Horticulture শীৰ্ষক তিনিখন গ্ৰন্থ আৰু Unleashing Horticultural Potential for Self-Reliant India শীৰ্ষক এখন ই-বুক উন্মোচন কৰেতদুপৰি উদ্যান শস্যৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা উদ্যানশস্যবীদসকলক এই অনুষ্ঠানতে ৯ টা বিশেষ শিতানত বঁটা প্ৰদান কৰা হয়। ড হৰিশংকৰ গুপ্তা আৰু ড চিত্তৰঞ্জন কোলেক ২০২৩ বৰ্ষৰ সন্মানীয় ফেল’শ্বিপ এৱাৰ্ড প্ৰদান কৰে। শিৱশক্তি টাইম এচিভমেণ্ট বঁটা ড সুশীল সাগৰ নাগী, গিৰিধাৰী লাল চাদ্দা এৱাৰ্ড ড থুক্কাৰাম দামোদৰণ, ড কীৰ্তি সিং এৱাৰ্ড ড মাধৱী ৰেড্ডী, মনমোহন অট্টভাৰ এৱাৰ্ড ড নমিতা, ড জে চি আনন্দ এৱাৰ্ড ড বিদ্যুৎ চন্দ্ৰ ডেকা, ভি পি ঘোষ যুৱ বিজ্ঞানী বঁটা ড শ্যাম সুন্দৰ দে আৰু ড বি আৰ বৰৱালে যুব ৰিচাৰ্জ এৱাৰ্ড ড নেহা বাৰ্মালৈ আগবঢ়ায়।  এই অনুষ্ঠানত ইণ্ডিয়ান একাডেমী অব হৰ্টিকালচাৰেল চায়েন্স নিউ দিল্লীৰ সভাপতি ড কে এল চাধা, উপ-সভাপতি ড সঞ্জয় কুমাৰ সিং, অসম কৃষি বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ ড এইচ এছ গুপ্তা, উপাচাৰ্য ড বিদ্যুৎ চন্দ্ৰ ডেকা, বিভিন্ন ৰাজ্যৰ পৰা অহা কৃষি বিজ্ঞানী, কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।