জুইয়ে পোৰা সোণ – আয়নাল হক

PC Pixabay
জুইয়ে পোৰা সোণ
আয়নাল হক, ধুবুৰী 
পাৰ হ’লোঁ বহু দুৰ্যোগ
বৰষুণত তিতি ৰ’দত শুকাওঁ
বিষাদৰ বীণ বাই
কটালোঁ বহু দিন-ৰাতি
তথাপিও পৰা নাই ভাগৰি।
মৰুৰ তপত বালিৰ স্পৰ্শবোৰ
মনত পৰিলে আজিও উঠোঁ শিয়ৰি।
জীৱনৰ খলা-বমা পথবোৰত
কিমান যে খালোঁ উজুটি!
এখন বৰ্ণিল পৃথিৱীৰ সন্ধানত
আঁকিছিলোঁ ন-ন ছবি।
তেতিয়াতো ভবা নাছিলোঁ
সময়ৰ আঁচোৰ লাগি
ৰক্তাক্ত হ’ব বুলি মোৰ দুভৰি !
জুইয়ে পোৰা সোণ মই
যিমানেই নাহক দুৰ্যোগ
যিমানেই নাহক প্ৰত্যাহ্বান
পুনৰ হয় মোৰ নতুন প্ৰস্ততি।
অপ্ৰাপ্তিৰ হতাশ আৰু হুমুনিয়াহে
প্ৰাপ্তিৰ হেঁপাহক নোৱাৰে বাধা দিব,
মই হওঁ নীলকণ্ঠ
বাৰে বাৰে হলাহল পান কৰি
সজাব খোজোঁ পুনৰ
এখন অনুপম সেউজী পৃথিৱী…।