ধূমপানৰ পৰা আমাৰ কেনেধৰণৰ অপকাৰ হয় আৰু ধূমপান কেনেকৈ এৰিব পাৰি – লখিমী শৰ্মা

স্বাস্থ্যবাৰ্তা
ধূমপানৰ পৰা আমাৰ কেনেধৰণৰ অপকাৰ হয় আৰু ধূমপান কেনেকৈ এৰিব পাৰি
লখিমী শৰ্মা, যোৰহাট
ধূমপান নৱপ্ৰজন্মৰ পৰা ধৰি ডাঙৰ সকলেয়ো সেৱন কৰা দেখা পোৱা যায় আজিৰ দিনত । দিনক – দিনে ইমানেই ধূমপান সেৱন বৃদ্ধি পাব ধৰিছে । ই স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক । এই কথা জানিও সেৱন কৰাটো বন্ধ নকৰে আন একাংশই । এই ধূমপান সেৱনে যে কিমান এটা ডাঙৰ বিপদ ঘটাব পাৰে তাৰ প্ৰতি অলপো সচেতন নহয় জনসাধাৰণ আজিৰ দিনত। কিমান ডাঙৰ ডাঙৰ বেমাৰৰ সন্মুখীন হ’ব লগা হ’ব পাৰে এই কথা লক্ষ্য নকৰে। বিড়ি , চিগাৰেট , গুটখা জাতীয় বস্তু অতিমাত্ৰা সেৱন কৰি কৰি নিজৰ দেহলৈ বেমাৰ নিজেই চপাই লোৱা ধৰণৰ হ’ব ধৰিছে । সকলো জানি বুজিও  চিগাৰেট সেৱনৰ বদ অভ্যাস ত্যাগ কৰিব পৰা নাই । ধূমপান অত্যন্ত বিষাক্ত পদাৰ্থ । ধূমপানৰ অপকাৰিতাৰ বিষয়ে মানুহে জানে যদিও ধূমপান কমি যোৱা নাই । ধূমপান বন্ধ হ’ব লাগে , বিভিন্ন ধৰণৰ ধঁপাত , গুটখা , বিড়ি , চিগাৰেট , জৰদা আদিৰ বিপনীসমূহ বন্ধ হ’বৰ বাবে প্ৰতিবাদ হ’ব লাগে এই বিষয়ত । এইবোৰৰ নিচা ইমানেই লগাই লৈছে যে ভাত – পানী , খোৱা – বোৱাৰ কথা মনলৈকে নাহে সেৱন কৰা লোক সকলৰ । ইমানেই বেছিকৈ আসক্ত হৈ পৰিছে এইবোৰ সেৱন কৰা প্ৰতি , যিয়েই নিকি খাব নাপালে ঘৰত হূলস্থূল লগাই , চিঞৰ বাখৰ লগাই মানুহ মাৰিবলৈকো কুণ্ঠাবোধ নকৰা ধৰণৰ । ড্ৰাগছ, মদ, নিচা জাতীয় এইবোৰ সেৱন কৰাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ ! যেনে :– ডায়েবেটিছ, কৰ্কট ৰোগ , হৃদৰোগ , হাঁওফাঁওৰ ৰোগ আদি হোৱাৰ আশংকা থাকে।চিগাৰেট সেৱনৰ ফলত হাওঁফাঁওৰ কেন্সাৰ , হৃদৰোগ , ষ্ট্ৰ’ক , এজমা আদি হয় ।এইবোৰ সেৱনৰ ফলত কিমান মানুহ মৃত্যুৰ মুখত পৰিছে । ধূমপান নকৰোঁ বুলি নিজেই নিজক প্ৰতিজ্ঞা কৰিব লাগে । নিজৰ মনটোক ডাঠ কৰি কওঁক নিজেই নিজক এইবোৰ ত্যাগ কৰিলোঁ বুলি । ধূমপান সেৱন কৰিলে যে সেৱন কৰাজনৰ হে ক্ষতি বুলি কথা নহয় কাষত থকাজনৰো বিপদ আহিব পাৰে অকস্মাৎতে । দৃঢ় প্ৰতিজ্ঞা কৰিব লাগে নিজেই নিজক । আৰু আনকো ক’ব লাগে যে ধূমপান এৰিছে বুলি।গতিকে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক এইবোৰ সেৱন কৰাটো বন্ধ কৰিব লাগে , আৰু এবাৰলৈয়ো নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা উচিত । এইবোৰ সেৱন কৰি কি পায় ! বৰঞ্চ নিজলৈ বিপদ মাতি অনাৰ বাহিৰে আন একো নাই  । নিজৰ বেমাৰ নিজেই চপাই লোৱাৰ সলনি যদি নিজেই নিজৰ স্বাস্থ্যটোৰ প্ৰতি সজাগ হৈ এই ধূমপান জাতীয় বস্তুৰ বিৰোধিতা কৰি ত্যাগ কৰি ধূমপান মুক্ত কৰিবলৈ আগবাঢ়িব লাগে । তেতিয়াহে ধূমপান নোহোৱা হ’ব আমাৰ সমাজত ।