ধিঙৰ ধুপগুৰিত এ আই ইউ ডি এফৰ যুৱ মৰ্চাৰ প্ৰতিনিধি নিৰ্বাচনী সভা

ধিঙৰ ধুপগুৰিত এ আই ইউ ডি এফৰ যুৱ মৰ্চাৰ প্ৰতিনিধি নিৰ্বাচনী সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ ধিং সমষ্টিৰ ধুপগুৰিত যোৱা ২ নৱেম্বৰত এ আই ইউ ডি এফৰ এখন যুৱ মৰ্চাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায়।এ আই ইউ ডি এফৰ ধিং সমষ্টি কমিটিৰ সভাপতি মৌলানা ইয়াহিয়া কাচিমীৰ সভাপতিত্বত উচমান গনি জুনিয়ৰ কলেজত অনুষ্ঠিত হোৱা সভা খনত যুৱ মৰ্চাৰ সমষ্টি কমিটিৰ কাৰণে ২৭ খন আঞ্চলিক সমিতিৰ পৰা প্ৰতিনিধি বাছনি কৰা হয়। বিয়লি ২ বজাত আৰাম্ভ হোৱা প্ৰতিনিধি নিৰ্বাচনী সভাত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা আৰু নগাঁও জিলা সমিতিৰ সভাপতি বদৰুজ্জোহা চৌধুৰী উপস্থিত থাকি দলটোৰ সাংগঠনিক দিশৰ ওপৰত গুৰুত্ব পূৰ্ণ ভাষন দিয়াৰ লগতে আগন্তুক লোক সভা নিৰ্বাচনৰ বাবে কৰ্মী সকলক সাজু হ’বলৈ আহ্বান জনায়। সভা খনত নগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি শ্বৰীফ আলী চাহাব,নগাঁও জিলাৰ জমিয়তৰ সভাপতি হাফিজ আতাউৰ ৰহমান,ধিং সমষ্টিৰ সাধাৰণ সম্পাদক আফজালুৰ ৰহমান লগতে যুৱ-মৰ্চাৰ প্ৰাক্তন সভাপতি ইচৰাফিল আলিকে আদি কৰি নৱ গঠিত ধিং সমষ্টিৰ সমষ্টি কমিটিৰ বিষয় ববীয়া সকলৰ লগতে আঞ্চলিক সমিতিৰ বিষয় ববীয়া সকল উপস্থিত আছিল।