“গণতান্ত্রিক আন্দোলনত আৰক্ষীৰ বাধা গণতন্ত্ৰৰ পৰিপন্থী”: ৰিপুন বৰা

“গণতান্ত্রিক আন্দোলনত আৰক্ষীৰ বাধা গণতন্ত্ৰৰ পৰিপন্থী”: ৰিপুন বৰা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম তৃণমূল কংগ্ৰেছৰ জয়ানগৰস্থিত মূখ্য কাৰ্যালয়ত আজি পুৱা অসম তৃণমূল যুব কংগ্ৰেছে আৰম্ভ কৰা ‘সোৱণশিৰি বচাওঁক-অসম বচাওঁক’ অভিযানৰ শুভাৰম্ভ কৰা হয়। সোৱনশিৰি নদীবান্ধৰ ভয়াবহতা সম্পর্কে আজি পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম তৃণমূল যুব কংগ্ৰেছে আৰম্ভ কৰা সজাগতা অভিযানক অসম চৰকাৰে বাধা প্ৰদান কৰে। ‘সোৱণশিৰি বচাওঁক অসম বচাওঁক’ শীর্ষক এই অভিযানত অসম তৃণমূল যুৱ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে গুৱাহাটীৰ পৰা ধেমাজিৰ গেৰুকামুখলৈ মটৰচাইকেলেৰে যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছিল। ৰাস্তাৰ ধৰ্না-প্ৰতিবাদৰ বিপৰীতে ৰাইজক সজাগ কৰাৰ হে লক্ষ্য লৈছিল অসম তৃণমূল যুব কংগ্ৰেছে। কিন্তু আজি পুৱা ৮ বজাত অসম তৃণমূল কংগ্ৰেছৰ মূখ্য কাৰ্যালয়ৰ পৰা প্ৰতিনিধি দলটোৱে যাত্ৰা আৰম্ভ কৰিব লওঁতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে। উল্লেখ্য যে, আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ স্বত্বেও তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে প্ৰশাসনক সম্পূৰ্ণ সহযোগিতা কৰে । অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই সজাগতা অভিযানক বাধা প্ৰদানৰ ঘটনাক ধিক্কাৰ দিছে। নদী বান্ধৰ বিৰুদ্ধে পুনৰ সৰৱ হোৱা দেখা গ’ল ৰিপুন বৰাক। তেখেতে সমগ্ৰ ঘটনাটোত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বিজেপি চৰকাৰৰ বাবে গনতন্ত্র আৰু আমাৰ গনতান্ত্রিক অধিকাৰক নস্যাৎ কৰা তেনেই সাধাৰণ কথা । আজি ভয়াতুৰ বিজেপি চৰকাৰ শংকিত। মাত্ৰ এটা সাধাৰণ সজাগতা ৰেলীক প্ৰতিহত কৰিবলৈ বিজেপি চৰকাৰ উঠি পৰি লাগিছে। গণতান্ত্রিক আন্দোলনত আৰক্ষীৰ বাধা গণতন্ত্ৰৰ পৰিপন্থী। বৃহৎ নদীবান্ধৰ বিৰোধীতা কৰি আজি বিজেপি চৰকাৰ শাসনত আহিল। শাসনত অহাৰ লগে লগেই সেই বিজেপি চৰকাৰেই নদীবান্ধৰ সপক্ষে থিয় দিলে। পূর্বতে নদীবান্ধৰ বিৰোধিতা কৰি গেৰুকামুখত প্ৰতিবাদ কৰা বিজেপি এতিয়া নিমাত কিয়? কিয় নিমাত-নিৰ্বিকাৰ হিমন্ত বিশ্ব শৰ্মা? নদীবান্ধৰ ফলতেই আজি সোৱণশিৰিৰ বুকু উদং। শুকাই যোৱা সোৱণশিৰি যে নৈপৰীয়া ৰাইজ আৰু সমগ্ৰ জীৱকূলৰ বাবে ভয়ানক বিপদৰ সংকেত, সেয়া নিশ্চিত। কিন্তু এইবোৰ ঘটনাৰ বিষয়ে আজিলৈকে নিৰ্বিকাৰ ভূমিকা পালন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ লগতে হিমন্ত বিশ্ব চৰকাৰেও । আমাৰ দাবী, নদীবান্ধ বন্ধ কৰক অন্যথা বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ আখৰে আখৰে পালন কৰক। নৈপৰীয়া ৰাইজৰ জীৱন আৰু নদীত বাস কৰা জীৱকূলক সংকটমুক্ত কৰক।উল্লেখ্য যে, বিজেপি চৰকাৰে সৃষ্টি কৰা এই ভয়ংকৰ অৱস্থাৰ প্ৰতি ৰাইজক সজাগ কৰিবৰ বাবেহে অসম তৃণমূল যুৱ কংগ্ৰেছে ‘সোৱণশিৰি বচাওঁক-অসম বচাওঁক’ শীর্ষক প্রতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছিল । দলটোৱে গুৱাহাটীৰ পৰা যাত্ৰা কৰি গন্তব্যস্থান ধেমাজিৰ গেৰুকামুখত উপস্থিত হোৱাৰ পৰিকল্পনা কৰিছিল । যাত্রাকালত কৰ্মীসকলে অসমৰ বিভিন্ন ঠাইৰ মাজেৰে গৈ সাধাৰণ জনগনক সোৱণশিৰি নদীবান্ধৰ ভয়াবহতা আৰু সোৱণশিৰিৰ পুতৌজনক অৱস্থাৰ বিষয়ে সজাগ কৰাৰ সংকল্প লৈছিল। কিন্তু ভয়াতুৰ বিজেপি চৰকাৰে তাতেই শংকিত হৈ এই অভিযান প্ৰতিহত কৰিবলৈ আপ্রাণ চেষ্টা কৰে