উচুপনি – সবিতা বেগম

PC- Pexels
উচুপনি
সবিতা বেগম, বৰপেটা
ক্ৰমাৎ ….
ধুমুহাজাক তিব্ৰতৰ।
মেঘালী আকাশ !!!
অনুভৱৰ ৰঙীন শব্দবোৰ অসহায়
ফাগুনৰ সৰাপাতবোৰৰ দৰে।
স্তব্ধ হৃদয়ৰ নিবিড় কোনত
অনবৰতে নিসংগতাৰ কৰুন উচুপনি
অশান্তিৰ চাদৰ মেৰিয়াই।
প্ৰতিটো পল, প্ৰতিটো ছন্দ
তিক্ততা, তুমিহীনতাৰ।
নোহোৱা জানিও
হেৰুৱাৰ ভয়।
শংকা এৰি
উকা দলিলত
অহৰহ প্ৰেমৰ চিঠি।
নোহোৱাই হ’ল
ৰামধেনুৰ ৰংবোৰ।।
আবৃত মায়ামোহে
উজলে দাত দুপাৰি।
তুমিহীন জীৱন
বিতৃষ্ণা…
ফাকুৱাও ৰঙহীন।
এতিয়া…
প্ৰতিটো শব্দ
দিগন্ত লৈ….
উভতি নহাৰ।