দিবিনে মোৰ প্ৰিয়তমাৰ খবৰ ?
ছেলিমা বেগম
নৈৰ কাশতে বালিচৰ মাজতে
বহি থাকোঁতে,
বালিমাহী এটি আহি সুধিলে
কিনো কথা
পাতি আছা মনে মনে ৷
কোৱা তুমি ?
অ’ ৰে বালিমাহী কিনো কথা
শুনিবি তই
মই আছোঁ প্ৰিয়তমাৰ অপেক্ষাত
বালিচৰৰ মাজত ৷
ভটীয়াই আহিব নাৱৰীয়া ইয়ত
লৈ যাম খবৰ ,
অ’ ৰে নাৱৰীয়া দিবিনে খবৰ ?
কেনে আছে প্ৰিয়তমা ৷
নাই কোনো খোছ খবৰ
আছে নে জীয়াই !
দুখ নকৰিবি মই বালিমাহী
আহিছোঁ মৰতত ,
বালিচৰ এৰি যাবি মোৰ লগত
স্বৰ্গলৈ উৰি
তাতেই পাবি প্ৰিয়তমাৰ খবৰ৷