গুৱাহাটী প্ৰেছ ক্লাবত ড° স্ততি ৰঞ্জিত কোঁৱৰৰ “হেইবা” উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ড° স্ততি ৰঞ্জিত কোঁৱৰৰ “হেইবা” উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিভাবান লেখিকা ড° স্ততি ৰঞ্জিত কোঁৱৰৰ হেইবা নামৰ জীৱনমুখি ব্যতিক্ৰমী গ্ৰন্থ গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। জগতৰ প্ৰতিশ্ৰুতি সম্পন্ন লেখিকা ড° স্ততি ৰঞ্জিত কোঁৱৰৰ জীৱনমুখী অভিজ্ঞতাৰ ব্যতিক্ৰমী পূৰ্বায়ণ প্ৰকাশনৰ উদ্যোগত আয়োজিত আজিৰ এই আড়ম্বণ পূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থাকে ক্ৰমে জ্যেষ্ঠ সাংবাদিক তথা গল্পকাৰ বিতোপন বৰবৰা, বিশিষ্ট কবি নীলিমা ঠাকুৰীয়া হক, গল্পকাৰ অতনু ভট্টাচাৰ্য, ঔপন্যাসিক মনালিছা শইকীয়া আৰু মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা। আনহাতে প্ৰতিভামান কবি ময়ুৰী দত্তই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান খনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে বিশিষ্ট গণিতজ্ঞ মীনাক্ষী বৰকটকী, কবি মঞ্জু দেৱী পেগু,লুটফা হানুম ছেলিমা বেগম। অনুষ্ঠানত লেখিকাৰ মনৰ ভাৱ প্ৰকাশ কৰি ড° কোঁৱৰে কয় যে ব্যস্ততাৰে ভৰা বাস্তৱমুখী জীৱন গৃহকৰ্মী বা কাম কৰা মহিলাৰ সকলৰ জীৱন গাথাই তেওঁক অহৰহ খুন্দিয়াই থাকে আৰু তাৰেই ফলশ্ৰুতি “হেইবা”। হেইবা জীৱনমুখী যাত্ৰাৰ প্ৰতিছবি।
ইপিনে পূৰ্বায়ণ প্ৰকাশনৰ স্বতাধিকাৰী ড° অমৃত কুমাৰ উপাধ্যায়ৰ শলাগৰ শৰাইৰে সামৰণি পৰা অনুষ্ঠানত উপস্থিত থাকে অৰ্ধ শতাধিক গুনগ্ৰাহী আৰু সাহিত্য অনুৰাগী।