১০১জন প্ৰাৰ্থীক গুৱাহাটীৰ মালিগাঁৱৰ ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

১০১জন প্ৰাৰ্থীক গুৱাহাটীৰ মালিগাঁৱৰ ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰমেলা সম্বোধন কৰে আৰু বিভিন্ন চৰকাৰী বিভাগত নৱনিযুক্ত ৫১,০০০ত কৈও অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে।সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত এই নৱনিযুক্তি প্ৰাপ্তসকলে ৰে’ল মন্ত্ৰালয়, ডাকবিভাগ, গৃহমন্ত্ৰালয়, ৰাজহ বিভাগ, উচ্চ শিক্ষা বিভাগ,  বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়কে ধৰি বিভিন্ন মন্ত্ৰালয়/বিভাগত যোগদান কৰিব। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সমগ্ৰ দেশৰ ৩৭খন ঠাইৰ পৰা জনপ্ৰতিনিধিসকল আৰু নৱনিযুক্ত সকল সংযুক্ত হৈ আছিল। এই উপলক্ষে কেন্দ্ৰীয়বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মালিগাঁৱৰ ৰে’লৱে অফিচাৰ্ছ ক্লাবত অনুষ্ঠিত ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে আৰু ১০১ গৰাকী নৱনিযুক্ত প্ৰাৰ্থীকআনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰে। সমবেতলোক সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা বছৰ অক্টোবৰত ৰোজগাৰ মেলা আৰম্ভ হোৱাৰ লগে লগে যুৱ প্ৰজন্মৰ সংস্থাপনৰ যাত্ৰা এক গুৰুত্ব পূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছে। “চৰকাৰে নিযুক্তিৰ সুযোগ প্ৰদান কৰা পৰম্পৰাগত খণ্ড সমূহক শক্তিশালী কৰি আছে আৰু লগতে নৱীকৰণ যোগ্যশক্তি,  মহাকাশ,  স্বয়ংক্ৰিয়কৰণ আৰু প্ৰতিৰক্ষা ৰপ্তানিৰ দৰে নতুন খণ্ডক প্ৰসাৰিত কৰি আছে”, প্ৰধানমন্ত্ৰীয়ে কয়। “আমি কেৱল নিযুক্তি প্ৰদান কৰাই নহয়, লগতে এক স্বচ্ছ ব্যৱস্থা বজাই ৰখাত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ”, নৰেন্দ্ৰ মোদীয়ে নিযুক্তি প্ৰক্ৰিয়াত পূৰ্ণস্বচ্ছতাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে কেৱল প্ৰক্ৰিয়াবোৰ সুশৃংখলিত কৰাই নহয়, লগতে পৰীক্ষাৰ প্ৰক্ৰিয়াটো পুনৰ্গঠন কৰাৰ প্ৰয়াস কৰি আছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কৰ্মচাৰী বাছনি চক্ৰৰ অধীনত নিযুক্তিৰ বাবে লোৱা সময় এতিয়া আধালৈ হ্ৰাস কৰা হৈছে। এছএছচিৰ অধীনৰ কিছুমান পৰীক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে যে এতিয়া হিন্দী আৰু ইংৰাজীৰ বাহিৰেও ১৩টা বিভিন্ন আঞ্চলিক ভাষাত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে যাৰ ফলত প্ৰাৰ্থী সকলৰ বাবে ভাষাৰ বাধা আঁতৰি গৈছে। প্ৰধানমন্ত্ৰীমোদীয়ে কয় যে যিকোনো দেশৰ যিকোনো প্ৰতিযোগিতামূলক সুবিধা সম্পূৰ্ণৰূপে উপলব্ধি কৰিবলৈ যুৱশক্তিৰ প্ৰয়োজন।তেখেতে দক্ষতা আৰু শিক্ষাৰ পদক্ষেপৰ কথা উল্লেখ কৰে যিয়ে যুৱ প্ৰজন্মক নতুন সুযোগৰ সম্পূৰ্ণ সুবিধা ল’বলৈ সজ্জিত কৰি তুলিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি, নতুন চিকিৎসা মহাবিদ্যালয়, আইআইটি, আইআইএম, আইআইআইটি আদি প্ৰসাৰিত কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত কোটি কোটি যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,  “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে নিৰন্তৰ উন্নয়নৰ মাজে দি আগুৱাই গৈছে আৰু সকলো ক্ষেত্ৰতে এক নতুন দিগন্তৰ সূচনা কৰিছে।কেইবামাহ ধৰি ৰোজগাৰ মেলাৰ সফল আয়োজন কেন্দ্ৰীয় চৰকাৰৰ ১০লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক প্ৰকৃত প্ৰমাণ।২০৪৭চনৰ ভিতৰত ভাৰত যাতে এখন সম্পূৰ্ণৰূপে উন্নত আৰু আত্মনিৰ্ভৰশীল দেশহৈ পৰে, তাৰবাবে যুৱপ্ৰজন্মই অগ্ৰণী ভূমিকা পালন কৰিব লাগিব।ইয়াৰ বাবে অদম্য কৰ্মস্পৃহাৰে কৰ্মক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দাঙি ধৰি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্ৰিয় ভূমিকা পালন কৰিবলৈ নৱনিযুক্তি প্ৰাপ্তসকলক আহ্বান জনালোঁ।”