লক্ষ্মী দেৱীৰ  – অনামিকা (সংগীতা)কলিতা

লক্ষ্মী দেৱীৰ 

অনামিকা (সংগীতা)কলিতা, শুৱালকুছি

ঔম বিশ্ব ৰূপস্য ভাৰ্য্যাসি পদ্মে পদ্মালয়ে সোভে ।

সৰ্ব্বতঃ পাহি মাং দেৱী মহালক্ষ্মী নমোহস্তুতে। ।

আমি  ভাৰতীয়  সনাতন ধৰ্মত বিশ্বাসী  সকলে প্ৰতিগৰাকী  দেৱ-দেৱীক আৰাধনা কৰো।

লক্ষ্মী দেৱী ভগৱান শ্ৰীবিষ্ণুৰ ভাৰ্যা ,ধনৰ অধিষ্ঠিতা দেৱী বুলি আমি ধৰ্মীয় গ্ৰন্থত পাইছোঁ। তেওঁৰ অনেক নাম আছে । ত্ৰিদেৱী ভিতৰত তেওঁ অন্যতম দেৱী ।

যেতিয়া স্বৰ্গৰ দেৱতা সকলে অসুৰ ৰাজ বলিৰ হাতত পৰাজয় হয় আৰু দুৰ্বাসা মুনিৰ অভিষাপত শক্তি হীন হৈ পৰে ,তেতিয়া দেৱতা সকল নিজৰ শক্তি লাভৰ উপাই বিচাৰি ভগৱান বিষ্ণুৰ ওচৰলৈ যায়। ভগৱান বিষ্ণুই অসুৰ আৰু দেৱতা সকলক লগ হৈ সমুদ্ৰ মন্থনৰ উপাই দিয়ে । সাগৰ মন্থন কৰোতে সাগৰৰ পৰা ওলোৱা অমৃত পান কৰি  আগৰ অৱস্থা ঘুৰাই পাব লগতে অমৰত্ব লাভ কৰিব। এই ক্ষেত্ৰত দেৱতা সকলক অসুৰ সকলৰ সহায় ল’বলৈ ক’লে — ভগৱান শ্ৰী বিষ্ণু ।

প্ৰথম অৱস্থাত অসুৰ সকলে সন্মতি প্ৰদান কৰা নাছিল যদিও অমৰ হোৱাৰ লোভত সহযোগ কৰে ।ভগৱান শ্ৰীবিষ্ণুই বাসুকী নাগ আৰু মন্দৰাচল পৰ্বতক মন্থনত সহায় কৰিব ক’লে । বিষ্ণুই নিজে কুৰ্ম অৱতাৰ লৈ মন্দৰাচল পৰ্বতক দুবি নোযোৱাকৈ ভাৰ সাম্য ৰক্ষা কৰে। তাৰ ফলস্বৰূপে সাগৰৰ তলিৰ পৰা বিভিন্ন মূল্যবান বস্তু,বিষ কলহ , অমৃত কলহ , লক্ষ্মী দেৱী হাতত সোণেৰে পৰিপূৰ্ণ কলচি লৈ আবিৰ্ভাৱ হয়।তেতিয়া মহাদেৱ আৰু ব্ৰহ্মাৰ কথা মতে বিষ্ণুই লক্ষ্মী দেৱীক পত্নী ৰূপে গ্ৰহণ । শৰতৰ পূৰ্ণিমাত সু -নিৰ্মল বাতাবৰণৰ সময়তে লক্ষ্মী দেৱীৰ আগমন হয়। গোটেই পৃথিবীত তেওঁৰ বাবেই ধনে ধানে পূৰ্ণ হয়।