দুৰ্গতি নাশিনী দুৰ্গাক বৰিবলে’ আধুনিক পৰম্পৰা
নাছিৰ আহমেদ,
শিমলাবাৰী,গোৱালপাৰা
মাতৃদেৱী অথবা শক্তিদেৱীৰ উপাসনা, তত্ত্ব বা মাৰ্গ এক নৃতাত্ত্বিক আৰু সাংস্কৃতিক সংশ্লেষণ। বৰ্তমানৰ প্ৰতিষ্ঠানিক ধৰ্মবোৰৰ সূত্ৰপাত হোৱাৰ পূৰ্বে, প্ৰাচীন বিশ্ব সভ্যতাৰ আৱৰ্তত দেশে দেশে শক্তিদেৱীৰ আৰাধনাৰ উমান পোৱা যায়। ভাৰতৰ মহেঞ্জোদাৰোত শিৰত পদুম লোৱা নাৰী মুৰ্ত্তিৰ উপাসনা কৰা উমান পোৱা গৈছে। এই দেৱীৰ নাম অজস্ৰ, স্থান ভেদে বেলেগ বেলেগ। যেনে , দুৰ্গা, কালী তাৰা ভূৱনেশ্বৰী বাঘেশ্বৰী সিদ্ধেশ্বৰী মহিষমৰ্দিনী মনসা ইত্যাদি।
দুৰ্গাক আদ্যাশক্তিৰূপে প্ৰথমতে ঋকবেদৰ ” দেৱীসুক্ত” ত বিশেষ ভাবে উল্লেখ আছে। দুৰ্গা পূজাৰ অবিচ্ছেদ্য অংগ” চণ্ডীপাঠ” উল্লেখ আছে যে, অসুৰসকলৰ দ্বাৰা আক্ৰান্ত হৈ দেৱতাসকলে অসুৰক বধ কৰিবলৈ ” পৰম ব্ৰহ্মক” অনুৰোধ কৰাত পৰম ব্ৰহ্মই দুৰ্গা-চণ্ডী, কালী-তাৰা ভূৱনেশ্বৰী বগলা ছিন্নমস্তা আদি বিভিন্ন নামেৰে মায়া কৰি শম্ভু-নিশুম্ভ, মহিষাসুৰ, ধুৰ্মলোচন, চণ্ড-মুণ্ড, ৰক্তবীজ আদিক বিনাশ কৰা। বিভিন্ন দেৱতাসকলৰ পৰা তেজ,মঙহ, হাড় আদি লৈ সৃষ্টি কৰা মহিষমৰ্দিনী দুৰ্গাদেৱী ৰূপ ধৰাই হৈছে আটাইতকৈ শক্তিশালী ৰূপ। পৰম ব্ৰহ্মই উগ্ৰ আৰু শান্তা ৰূপ ধাৰণ কৰা দুৰ্গা দেৱীয়ে এপিনে উগ্ৰ ৰূপ ধাৰণ কৰি অশুভ শক্তিৰ প্ৰতীক মহিষাসুৰক বধ কৰিছে, আনপিনে শুভ শক্তিৰ প্ৰতীক দেৱতাসকলক ৰক্ষা কৰিছে।
“দেৱী ভাগৱত” মতে দেৱী দুৰ্গালৈ পোনতে পূজা-অৰ্চনা আগবঢ়ায় সুৰথ ৰজাই। তাৰ পাছত ৰামচন্দ্ৰই ৰাক্ষস ৰাৱণক অকাল বোধন কৰিবলৈ বসন্ত কালত চলি থকা দুৰ্গাপূজা শৰৎ কালত আৰম্ভ কৰে। এইখিনিতে অশুভ শক্তিক দমন কৰা শুভ শক্তিৰ প্ৰতীক দূৰ্গাদেৱীক সীতাদেৱীক অপহৰণ কৰা ৰাক্ষস ৰাৱণক নাৰী নিৰ্যাতন কৰা বলাৎকাৰী অসৎ চৰিত্ৰৰ ব্যক্তি হিচাপে আখ্যায়িত কৰি দুৰ্গতি নাশিনী দুৰ্গাক আদ্যাশক্তিৰূপে প্ৰদৰ্শন কৰা হৈছে।
ক্ৰমান্বয়ে এই দুৰ্গতি নাশিনী দুৰ্গাপূজা বা আৰাধনাৰ মাজেৰে আধুনিক যুগৰ শিল্পী বা কলাকাৰ সকলে সাম্প্ৰতিক কালৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ উপায়, ভাৰতৰ বিজ্ঞানীসকলৰ অভিযান, লক্ষ্য আৰু আদৰ্শ আদি বিভিন্ন দিশৰ ধ্যান-ধাৰণাক তুলি ধৰিবলৈ চেষ্টা কৰিছে। এতিয়া , অসমীয়া শিল্পীয়ে দুৰ্গা দেৱীক প্ৰাচীন দেৱী হিচাপে কেৱল অংকিত নকৰি অসমীয়া সাজ-সজ্জাৰে সজাই পৰাই সুন্দৰভাৱে অসমীয়া নাৰী হিচাপে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে। আৰু দুৰ্গাপূজাৰ পূজা মণ্ডপক অসমীয়া স্বাভিমান গামোচা আৰু জাপি শাৰী শাৰীকৈ ৰাখি সম্পূৰ্ণ ৰূপে অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক হিচাপে স্থাপন কৰিছে। কোনো শিল্পীয়ে আকৌ দুৰ্গাপূজাৰ পূজা মণ্ডপক ” চন্দ্ৰযান -৩ৰ সফল অৱতৰণ শীৰ্ষক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলৰ সফলতাক বাস্তৱ ৰূপত অংকন কৰিছে। আনহাতে ,বৰ্তমান অসমৰ বৰ বিহ সদৃশ ড্ৰাগছ আসক্ত যুৱকৰ দুৰ্বিসহ যন্ত্ৰণাৰ ছবি দুৰ্গতি নাশিনী দুৰ্গাক বৰিবলে’ ৰখা পূজা মণ্ডপত চিত্ৰায়িত কৰিছে। এনেদৰে ভাৰত তথা অসমৰ বিভিন্ন প্ৰান্তত দূৰ্গাদেৱীক কেতিয়াবা প্ৰগতিৰ প্ৰতীক, কেতিয়াবা সমাজৰ অপায় ,অমঙ্গল দূৰ কৰাৰ আধ্যাত্মিক শক্তিৰূপী দেৱীৰ ৰূপত, কেতিয়াবা অসমীয়া তথা ভাৰতীয় সংস্কৃতিৰ প্ৰতিমূৰ্ত্তি হিচাপে শিল্পীসকলে দুৰ্গতি নাশিনী দুৰ্গাক বৰিবলে’ আধুনিক পৰম্পৰাৰ সৃজনীশীল চিন্তা-চৰ্চা আৰম্ভ কৰিছে। এতিয়া দুৰ্গা দেৱী কেৱল ধৰ্মীয় বিশ্বাসৰ আধাৰতে সীমাবদ্ধ নহয় । দুৰ্গাদেৱী হৈছে, পুষ্পমাপি কোমলম,বজ্ৰাদপী কঠিনম এক মহীয়সী নাৰী!