বিজয়া দশমী উৎসৱৰ গুৰুত্ব – ডাঃ মোহন ভাগৱত

বিজয়া দশমী উৎসৱৰ গুৰুত্ব 

ডাঃ মোহন ভাগৱত

আজিৰ কাৰ্যক্ৰমৰ প্ৰমুখ অতিথি আদৰণীয় শ্ৰীশংকৰ মহাদেৱনজী, মঞ্চত উপৱিষ্ট মাননীয় সৰকাৰ্যবাহদেৱ, বিদৰ্ভ প্ৰান্তৰ মাননীয় সংঘচালক, নাগপুৰ মহানগৰৰ মাননীয় সংঘচালক, নাগপুৰ মহানগৰৰ মাননীয় সহঃ সংঘচালক, অধিকাৰীবৃন্দ, নাগৰিক সজ্জন, আইমাতৃ-ভগিনী তথা আত্মীয় স্বয়ংসেৱক ভাইসকল। দানৱতাৰ ওপৰত মানৱতাৰ পূৰ্ণ বিজয়ৰ শক্তি পৰ্ব হিচাপে প্ৰতিবছৰে বিজয়া দশমী উৎসৱ পালন কৰা হয়। এইবছৰ এই পৰ্বই আমাৰ বাবে গৌৰৱ, আনন্দোল্লাস তথা উৎসাহ বৃদ্ধিৰ পূৰ্ণ আয়োজন লৈ আহিছে।

এই বছৰটোত আমাৰ দেশ জি-২০ নামৰ মুখ্য ৰাষ্ট্ৰৰ সন্মিলনৰ পুৰোহিত আছিল । বছৰটোত সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰপ্ৰমুখ, মন্ত্রীবর্গ, প্রশাসক তথা প্রমুখ মনীষীসকলৰ অনেক কার্যক্রম ভাৰতৰ ভিন ভিন স্থানত সম্পন্ন হয়। ভাৰতীয়সকলৰ আন্তৰিক আতিথ্যৰ অনুভৱ ভাৰতৰ গৌৰৱশালী অতীত তথা বৰ্তমানৰ আশাপূর্ণ আকাশলংঘী বিচৰণে সকলো দেশৰে সহযোগীসকলক প্ৰভাৱিত কৰিলে । আফ্ৰিকা ইউনিয়নক সদস্যভুক্ত কৰি স্বীকৃতিপ্ৰাপ্ত কৰোৱাত তথা প্রথম দিনটোতেই পৰিষদৰ ঘোষণা প্ৰস্তাৱ সৰ্বসম্মতিক্রমে গ্ৰহণ কৰোৱাত ভাৰতৰ বিশ্বাসযোগ্য সম্ভাৱনা তথা ৰাজনৈতিক বিচক্ষণতাক সকলোৱে অনুভৱ কৰিছে। ভাৰতৰ বিশিষ্ট বিচাৰ-বিবেচনা আৰু দৃষ্টিৰ কাৰণেই সম্পূর্ণ বিশ্বৰ চিন্তনত বসুধৈব কুটুম্বকমৰ দিশ নিৰ্দেশত উজলি উঠিছে। জি-২০ৰ অৰ্থকেন্দ্ৰিক বিচাৰ এতিয়া মানৱকেন্দ্ৰিক হৈ পৰিছে। ভাৰতক বিশ্বৰ মঞ্চত এক প্ৰমুখ ৰাষ্ট্ৰ হিচাপে দৃঢ়তাৰে স্থাপন কৰাৰ অভিনন্দনীয় কাৰ্য এই প্ৰসংগৰ জৰিয়তে আমাৰ নেতৃত্বই কৰিছে। এইবাৰ আমাৰ দেশৰ খেলুৱৈসকলে এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে ১০০তকৈ অধিক ১০৭টা পদক (২৮ স্বর্ণ, ৩৮ ৰূপ, ৪১ ব্রঞ্জ জিকি আমাৰ আটাইৰে উৎসাহ বৃদ্ধি কৰিছে। তেওঁলোকক আমি অভিনন্দন জনাইছোঁ। উদীয়মান ভাৰতৰ শক্তি, বুদ্ধি তথা যুক্তিৰ চমকনি চন্দ্ৰযান প্রসংগতো বিশ্বই দেখিছে। আমার বৈজ্ঞানিকসকলৰ বিজ্ঞান আৰু প্ৰযুক্তি কুশলতাৰ সৈতে নেতৃত্বৰ ইচ্ছাশক্তি যুক্ত হৈ পৰিছে। চন্দ্ৰৰ দক্ষিণ অংশত মহাকাশ যুগৰ ইতিহাসত প্ৰথমবাৰলৈ ভাৰতৰ বিক্ৰম লোৰে অৱতৰণ কৰিলে। ই সমগ্ৰ ভাৰতীয়ৰ গৌৰৱ আৰু আত্মবিশ্বাস বৃদ্ধি কৰিছে। এই কাৰ্য সম্পন্ন কৰোঁতা বৈজ্ঞানিক তথা তেওঁলোকক শক্তি প্রদান কৰোঁতা নেতৃবৃন্দক সমগ্র দেশেই অভিনন্দন জনাইছে। এখন ৰাষ্ট্ৰৰ পুৰুষাৰ্থইহে সেই ৰাষ্ট্ৰৰ জাগতিক প্রয়োজন সফল কৰাব পাৰে। আৰু ই নিহিত থাকে ৰাষ্ট্ৰীয় আদর্শত। সেইবাবে আমাৰ মূল সংবিধানৰ পৃষ্ঠাত অঁকা ধৰ্মৰ মূৰ্তমান প্রতীক শ্ৰীৰামৰ বালক ৰূপ মন্দিৰ অযোধ্যাত নিৰ্মিত হৈ আছে। অহা ২২ জানুৱাৰীত মন্দিৰৰ গৰ্ভগৃহত শ্ৰীৰামলালাৰ প্ৰাণ প্রতিষ্ঠা হ’ব, এই ঘোষণা ইতিমধ্যে হৈ গৈছে। ব্যৱস্থাগত জটিলতা তথা সুৰক্ষাৰ সাৱধানতাৰ পৰিপ্ৰেক্ষিতত সেই পৱিত্ৰ ক্ষণত অযোধ্যাত সীমিতসংখ্যক লোকহে উপস্থিত থাকিব পৰিব। শ্ৰীৰাম আমাৰ দেশৰ আচৰণৰ মৰ্যাদাৰ প্ৰতীক, কর্তব্য পালনৰ প্ৰতীক, স্নেহ আৰু কৰুণাৰ প্ৰতীক। নিজৰ নিজৰ ঠাইত এনে বাতাৱৰণ নিৰ্মাণ হওক । ৰাম মন্দিৰত শ্ৰীৰামলালাৰ প্ৰৱেশমাত্ৰকে প্ৰত্যেকৰে হৃদয়ত, নিজৰ মনত ৰামক জাগৃত কৰি মনৰ অযোধ্যা সাজি সৰ্বত্ৰ স্নেহ, পুৰুষাৰ্থ তথা সম্ভাৱনাৰ বাতাৱৰণ উন্নত হওক, এনে ধৰণৰ ভিন ভিন ঠাইত সৰু সৰু কাৰ্যক্ৰমৰ আয়োজন কৰিব লাগে। শতাব্দীজোৰা সংকটক পৰম্পৰাৰে যুঁজি যশস্বী হৈ বৰ্তমান আমাৰ ভাৰত ভৌতিক আৰু আধাত্মিক উন্নতিৰ পথত নিশ্চিতৰূপে অগ্ৰসৰ হৈ আছে। আমি আটায়ে এনে সংকেত প্ৰদান কৰা এই ঘটনাসমূহৰ সৌভাগ্যশালী সাক্ষী হৈছোঁ।

সম্পূর্ণ বিশ্বক নিজৰ জীৱনেৰে অহিংসা, জীৱৰ প্ৰতি দয়া আৰু সদাচাৰ শিকোৱা, সত্য পথ প্ৰদান কৰোঁতা শ্রীমহাবীৰ স্বামীৰ ২৫৫০সংখ্যক নির্বাণ বর্ষ, বিদেশীৰ ৩৫০ বছৰীয়া পৰাধীনতাৰ পৰা মুক্ত হৈ হিন্দু সাম্ৰাজ্যৰ স্থাপনা তথা ন্যায়পূর্ণ জনহিতকাৰী পৰিচালনাৰ বাট দেখুওৱা ছত্রপতি শিবাজী মহাৰাজৰ ৰাজ্যাভিষেকৰ ৩৫০ সংখ্যক বৰ্ষ তথা ইংৰাজৰ পৰাধীনতাৰ পৰা মুক্তি পাবৰ বাবে সম্পূর্ণ দেশৰ জনমানসক আমাৰ স্বৰূপৰ স্পষ্ট আৰু যথাযথ দৰ্শন সত্যাৰ্থ প্ৰকাশৰ জৰিয়তে কৰাওতা মহর্ষি দয়ানন্দ সৰস্বতীৰ ২০০সংখ্যক জয়ন্তী আমি পালন কৰি আছোৱেই। অহা বছৰ এনে প্ৰকাৰৰ ৰাষ্ট্ৰীয় পুৰুষাৰ্থৰ শাশ্বত প্ৰেৰণাস্বৰূপ দুজন মহাপুৰুষৰ সোঁৱৰণী বৰ্ষও আহি আছে। অস্মিতা আৰু স্বতন্ত্ৰতাৰ হকে প্রাণ বলিদান দিওতা, উদ্যম, সাহস, ধৈর্য, বুদ্ধি, শক্তি আৰু পৰাক্ৰমৰ লগতে নিজৰ প্ৰশাসন কুশলতা আৰু প্ৰজাহিতকৰ দক্ষতাৰ বাবে আদৰ্শ মহাৰাণী দুৰ্ঘাবতীৰ এয়া ৫০০সংখ্যক জয়ন্তী বৰ্ষ। ভাৰতীয় মহিলাৰ সর্বগামী কর্তৃত্ব, নেতৃত্ব ক্ষমতা, উজ্জ্বল চৰিত্ৰ তথা জাজ্বল্যমান দেশভক্তিৰ তেওঁ দোদীপ্যমান আদৰ্শ আছিল। এনেকুৱা প্ৰজাহিত দক্ষতা তথা শাসন পটুতাৰ লগতে সামাজিক অসমতাক শিপাৰে সৈতে নিৰ্মূল কৰাৰ বাবে আজীৱন নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰা কোছাপুৰ (মহাৰাষ্ট্ৰ ৰ শাসক ছত্ৰপতি শাহুজী মহাৰাজৰ এইটো ১৫০সংখ্যক জয়ন্তী বর্ষ ।

দেশৰ স্বাধীনতাৰ প্ৰেৰণা যোগোৱা কাম যিজনে নিজৰ যৌৱনকালতেই আৰম্ভ কৰিছিল, দুখীয়াক অন্নদান কাৰ্যক্ৰমৰ বাবে জ্বলোৱা প্ৰথম চৌকা যি আজিও তামিলনাডুত জ্বলি আছে আৰু নিজৰ কাম নিৰন্তৰ কৰি আছে, সেই তামিলসন্ত শ্রীমৎ ৰামলিংগ বল্ললাৰৰ ২০০সংখ্যক বর্ষ বর্তমান এইমাহত সম্পন্ন হৈ গৈছে। স্বাধীনতাৰ লগে লগে সমাজৰ আধ্যাত্মিক- সাংস্কৃতিক জাগৃতি তথা সামাজিক অসমতা সম্পূৰ্ণ নিৰ্মূল কৰাৰ বাবে তেওঁ গোটেই জীৱন কাৰ্যৰত আছিল।

এই প্ৰেৰণাদায়ী মহাপুৰুষসকলৰ জীৱন সোঁৱৰণৰ যোগেদি আমি আটায়ে আমাৰ স্বতন্ত্ৰতাৰ অমৃত মহোৎসৱ সম্পন্ন হোৱা সময়ত সামাজিক সমতা, একাত্মতা তথা আমাৰ স্বৰক্ষাৰ বাৰ্তা লাভ কৰো। স্বকীয় পৰিচয় সুৰক্ষিত কৰি ৰখাটো মানুহৰ স্বাভাৱিক ইচ্ছা আৰু সৰল প্রয়াস। দ্ৰুতগতিৰে পৰস্পৰ ওচৰ চপা বিশ্বত আজিকালি সকলো ৰাষ্ট্ৰৰ এনে চিন্তা কৰাৰ প্ৰবৃত্তি বাঢ়িছে। সম্পূর্ণ বিশ্বক এক ৰঙেৰে ৰঙাই তোলা, একৰূপতাৰ যিকোনো প্ৰয়াস এতিয়ালৈ সফল হোৱা নাই, আগলৈও সফল হোৱাৰ সম্ভাৱনা নাই। ভাৰতৰ পৰিচয়, হিন্দু সমাজৰ অস্মিতা সুদৃঢ় কৰি ৰখাৰ বিচাৰ নিশ্চয়কৈ স্বাভাৱিক। বিশ্বৰ বৰ্তমানকালীন সময়ৰ আৱশ্যকতাসমূহ পূৰ্ণ কৰাৰ কাৰণে আমাৰ নিজৰ মূল্যবোধৰ আধাৰত সময়োচিত, নতুন ৰূপত ভাৰত থিয় হওক, এইটো বিশ্বয়ো আশা কৰে। মত সম্প্রদায়ক লৈ উৎপন্ন হোৱা কট্টৰতা, অহংকাৰ আৰু উন্মাদনাক বিশ্বই আজি ভুগিব লাগিছে। স্বাৰ্থৰ খকা-খুন্দা তথা উগ্ৰবাদৰ কাৰণে উৎপন্ন হোৱা ইউক্রেইন অথবা গাজাপট্টিৰ যুদ্ধৰ দৰে কাজিয়াৰ কোনো সমাধান দেখা পোৱা নাই। প্রকৃতিবিৰুদ্ধ জীৱনশৈলী, স্বেচ্ছাচাৰিতা তথা অবাধ উপভোগৰ কাৰণে ন ন শাৰীৰিক আৰু মানসিক ৰোগ উৎপন্ন হৈ আছে। বিকৃতি আৰু অপৰাধ বাঢ়ি গৈ আছে। অত্যধিক ব্যক্তিবাদৰ কাৰণে পৰিয়াল ভাঙি পৰিছে। প্ৰকৃতিৰ সীমাহীন শোষণৰ কাৰণে প্রদূষণ, জাগতিক তাপমান বৃদ্ধি, ঋতুৰ ভাৰসাম্যহীনতা আদিৰ ফলত প্ৰাকৃতিক দুর্যোগ বৃদ্ধি হৈ গৈ আছে। আতংকবাদ, শোষণ আৰু অতি ক্ষমতা মুকলিকৈ এৰি দিয়া হৈছে। নিজৰ আধামুদা চকুৰে বিশ্বই এই সমস্যাবোৰৰ সন্মুখীন হ’ব নোৱাৰিব, এইটো স্পষ্ট। সেইবাবে আমাৰ সনাতন মূল্যবোধ আৰু সংস্কাৰৰ আধাৰত ভাৰতে নিজৰ উদাহৰণেৰে সামগ্রিক সুখ- শান্তিৰ নৱপথ বিশ্বক দেখুৱাওক, এনে আশাৰ উদয় হৈছে । এই পৰিস্থিতিৰ এক সৰু পুনৰাবৃত্তি ভাৰতবৰ্ষতো আমাৰ সন্মুখত বিদ্যমান হৈছে। উদাহৰণস্বৰূপে, বৰ্তমান অৱস্থাত হিমালয় ক্ষেত্ৰত হিমাচল আৰু উত্তৰাখণ্ডৰ পৰা আৰম্ভ কৰি চিকিমলৈ অবিৰাম প্রাকৃতিক দুৰ্যোগৰ প্রাণঘাতী খেল আমি দেখা পাই আহিছোঁ। ভৱিষ্যতে কোনো গম্ভৰ আৰু ব্যাপক সংকটৰ

পূর্বাভাস এই ঘটনাসমূহৰ দ্বাৰা হৈ আছে আৰু এনে শংকাক লৈ আলোচনাও হৈছে। দেশৰ সীমা সুৰক্ষা, জল সুৰক্ষা, পৰ্যাবৰণৰ সুস্থতাৰ বাবে ভাৰতৰ উত্তৰ সীমা সুনিশ্চিত কৰা এই অঞ্চল অত্যন্ত মহত্ত্বপূৰ্ণ আৰু যিকোনো মূল্যৰ বিনিময়ত সৰ্বকালৰ বাবে সুৰক্ষিত কৰিবলগীয়া। সুৰক্ষা, পৰ্যাবৰণ, জনসংখ্যা আৰু বিকাশৰ দৃষ্টিৰে এই সম্পূর্ণ অঞ্চলটো এক সমষ্টি বুলি ধৰি লৈ হিমালয় অঞ্চলৰ বিচাৰ-বিবেচনা কৰিব লাগিব। প্ৰকৃতিৰ এই অঞ্চলটো ভূতত্ত্ববিদ্যাৰ দৃষ্টিৰে নতুন, বর্তমানো নিৰ্মাণৰত আৰু সেইবাবেই অস্থিৰ। তাৰ ভূ-পৃষ্ঠ, ভূ- গৰ্ভ, জৈৱ-বিবিধতা আৰু জলসম্পদ বিশেষতা নজনাকৈ বিকাশৰ মনেগঢ়া যোজনা ক্ৰিয়ান্বিত কৰা হৈছে। এই ল’ৰা-ধেমালীৰ ফলস্বৰূপেই এই অঞ্চলটো আৰু ইয়াকে লৈ সম্পূৰ্ণ দেশ সংকটপূর্ণ অৱস্থালৈ আহিব ধৰিছে। আমি আটায়ে জানো যে ভাৰতসহ পূর্ব আৰু দক্ষিণ-পূর্ব এছিয়াৰ সকলো দেশকেই পানীৰ যোগান ধৰোঁতা এই অঞ্চলটোৱেই। এই অঞ্চলতেই ভাৰতৰ উত্তৰ সীমাত চীনৰ প্ৰত্যাহ্বান কেইবাবছৰৰ পৰা শুনা পোৱা গৈছে। সেই বাবে এই অঞ্চলটোৰ বিশেষ ভূতাত্ত্বিক, সামৰিক আৰু ভূ-ৰাজনৈতিক মহত্ত্ব আছে। এইবোৰৰ প্ৰতি ধ্যান ৰাখি এই অঞ্চলটোক পৃথক দৃষ্টিৰে বিচাৰ কৰিব লাগিব।

যিহেতু এই ঘটনাসমূহ হিমালয় অঞ্চলত অধিক ঘটি আছে, সমগ্ৰ দেশৰ বাবে তাৰ এক স্পষ্ট সংকেত দেখা পোৱা যায়। আধৰুৱা, অতি জড়বাদী তথা অত্যধিক উপভোগবাদী দৃষ্টি আধাৰত বিকাশ পথৰ কাৰণে, মানৱতা আৰু প্ৰকৃতি ধীৰে ধীৰে কিন্তু নিশ্চিতৰূপে বিনাশৰ দিশে অগ্ৰসৰ হৈ আছে। সমগ্ৰ বিশ্বতে এই চিন্তা বাঢ়িছে। সেই অসফল পথবোৰ ত্যাগ কৰি অথবা ধীৰে ধীৰে ওভতাই যোৰাই দি ভাৰতীয় প্ৰমূল্যৰ ওপৰত তথা ভাৰতৰ সমগ্ৰ একাত্ম্য দৃষ্টিৰ ওপৰত আধাৰিত, সময়োচিত আৰু সম্পূৰ্ণ, আমাৰ পৃথক বিকাশ পথ ভাৰতে নিৰ্মাণ কৰিবই লাগিব। ই ভাৰতৰ বাবে সকলো প্ৰকাৰে উপযুক্ত তথা বিশ্বৰ বাবেও অনুকৰণীয় আৰ্হি হ’ব পাৰিব। ঘঁহা-পিহাৰ অসফল আশাত বন্দী হৈ থাকি, অন্ধানুকৰণ, জড়তা আৰু পুথিগত নিষ্ঠাৰ প্ৰবৃত্তি এৰিব লাগিব। উপনিৱেশী মানসিকতাৰ পৰা মুক্ত হৈ, বিশ্বৰ পৰা যিখিনি অনুকূল, সেইখিন ল’ব লাগিব। আমাৰ দেশত যিখিনি আছে তাকেই যুগানুকূল কৰি গঢ়ি আমি আমাৰ স্ব-আধাৰত স্বদেশী বিকাশ পথ গ্রহণ কৰিব লাগিব— এয়াই সময়ৰ আৱশ্যকতা। এই দৃষ্টিৰে কিছু নীতিগত পৰিৱৰ্তন যে যোৱা দিনবোৰত হৈছে, ই বোধগম্য হয়। সমাজত কৃষি, উদ্যোগ আৰু ব্যৱসায়ৰ সেই সম্বন্ধীয় সেৱা ক্ষেত্ৰত, সমবায় আৰু আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত, নতুন সফল প্ৰয়োগৰ সংখ্যা বৃদ্ধিও নিৰন্তৰ হৈ আছে। কিন্তু প্ৰশাসনীয় সকলো ক্ষেত্ৰত চিন্তন কৰোঁতা আৰু দিশ-নিৰ্দেশনা দিওঁতা বুদ্ধিজীৱীসকলৰ এনে ধৰণৰ জাগৃতিৰ আৰু অধিক আৱশ্যকতা আছে। প্ৰশাসনৰ স্ব-আধাৰিত যুগানুকূল নীতি, প্ৰশাসনৰ তৎপৰতা, সুসংগত আৰু জনকল্যাণমুখী কার্য তথা সমাজৰ মন, বচন, কৰ্মৰে সহযোগ আৰু সমর্থনেহে দেশক পৰিৱৰ্তনৰ দিশে আগুৱাই নিব।

কিন্তু এইটো সম্ভৱ নহওক, সমাজৰ সামূহিকতা ছিন্ন-ভিন্ন হৈ পৃথকতা আৰু সংঘাত বাঢ়ক, এনে ধ্বংসকাৰী প্ৰয়াসো বৃদ্ধি হৈ গৈ আছে। নিজৰ অজ্ঞান, অবিবেক, পৰস্পৰ অবিশ্বাস উপদ্ৰৱ আৰু ফাট বাঢ়ি গৈ থকাও দেখা পোৱা গৈছে। ভাৰতৰ উত্থানৰ প্ৰয়োজনীয়তাই হৈছে বিশ্ব কল্যাণ। কিন্তু এই উত্থানৰ স্বাভাৱিক পৰিণাম সম্পর্কে স্বাৰ্থপৰ, বিভেদকামী তথা ছল-কপটৰ আধাৰত নিজৰ স্বাৰ্থ পূৰণ কৰোঁতা শক্তিসমূহে কিবা নহয় কিবা বিচাৰধাৰাৰ আৱৰণ পিন্ধি লয়, কোনো মনোলোভা ঘোষণা অথবা লক্ষ্যৰ বাবে কাৰ্যৰত হোৱাৰ ছদ্মবেশ ধাৰণ কৰে, তেওঁলোকৰ বাস্তৱিক উদ্দেশ্য কিন্তু আন কিবাহে থাকে। বিশ্বাসযোগ্যতা আৰু নিঃস্বার্থভাৱে কাম কৰা লোক যি বিচাৰ ধাৰাৰেই হওক, যিকোনো ধৰণৰ কাৰ্যই হওক, তেওঁলোকৰ বাবে বাধা থাকেই।

আজিকালি এই সর্বভক্ষী শক্তিৰ লোকসকলে নিজেই নিজকে সাংস্কৃতিক মার্ক্সবাদী বুলি কয়। কিন্তু মার্ক্সকো তেওঁলোকে ১৯২০ চনৰ পৰাই পাহৰাই ৰাখিছে। বিশ্বৰ সকলো সু- ব্যৱস্থা, মাংগলিক, সংস্কাৰ তথা সংযমৰ প্ৰতি তেওঁলোকৰ বিৰোধ থাকে। এমুঠিমান লোকৰ নিয়ন্ত্রণ সম্পূর্ণ মানৱ জাতিৰ ওপৰত থাকক, সেইবাবে অৰাজকতা আৰু স্বৈৰচাৰিতাৰ প্ৰতি, প্ৰশংসা, প্ৰচাৰ আৰু প্ৰসাৰ তেওঁলোকে কৰে। মাধ্যম তথা শিক্ষানুষ্ঠানসমূহক হাতত লৈ দেশৰ শিক্ষা, সংস্কাৰ, ৰাজনীতি আৰু সামাজিক বাতাৱৰণক শ্ৰম আৰু অষ্টতাৰ চিকাৰ বনোৱা তেওঁলোকৰ কাৰ্যশৈলী। এনে বাতাৱৰণত অসত্য, বিপর্যস্ত তথা অতিৰঞ্জিত তথ্যৰ দ্বাৰা ভয়, ভ্রম তথা দ্বেষ সহজতে বিয়পাই তোলে। নিজৰ ভিতৰৰ কাজিয়াত সাঙোৰ খাই অনৈক্য আৰু দুৰ্বলতাৰ ফান্দত পৰা আৰু ভাগি পৰা সমাজ অনায়াসে এই সকলোতে অতি ক্ষমতা বিচাৰ বিধ্বংসকাৰী শক্তিৰ লক্ষ্য হৈ পৰে। আমাৰ পৰম্পৰাত এনে প্ৰকাৰে কোনো ৰাষ্ট্ৰৰ জনতাৰ মাজত অনাস্থা, দিগভ্রম আৰু পৰম্পৰাত এনে প্ৰকাৰে কোনো ৰাষ্ট্ৰৰ জনতাৰ মাজত, দিগভ্রম আৰু পৰম্পৰ দ্বেষ উৎপন্ন কৰা কার্যপ্রণালীক মন্ত্র বিপ্লৱ বুলি কোৱা হয়।

দেশত ৰাজনৈতিক স্বাৰ্থৰ কাৰণে ৰাজনৈতিক প্রতিদ্বন্দ্বীক পৰাজিত কৰাৰ বাবে এনে অবাঞ্ছিত শক্তিবোৰৰ সৈতে গোট বন্ধন কৰাটো বিবেকহীনতা। সমাজ পূৰ্বৰ পৰাই আত্মবিস্মৃত হৈ অনেক প্ৰকাৰৰ ভেদাভেদেৰে জৰ্জৰিত হৈ স্বার্থযুক্ত ধ্বংসাত্মক প্রতিযোগিতা, ঈৰ্ষা আৰু হেযত লিপ্ত হৈ আছে। সেইবাবে এই আসুরিক শক্তিসমূহে, সমাজ অথবা রাষ্ট্রক ভাঙিব বিচৰা শক্তিসমূহে, বাহিৰৰ শক্তিসমূহৰ সৈতেও লগ লাগে।

মণিপুৰৰ বৰ্তমান স্থিতিৰ প্ৰতি দৃষ্টি দিলেও এই কথাৰ সত্যাসত্য প্ৰতিপন্ন হয়। প্রায় এক দশক ধৰি শাস্ত্ৰ মণিপুৰত আচম্বিতে নিজৰ ভিতৰতে বিভেদৰ তুই কেনেকৈ লাগিল। হিংসা কৰা লোকসকলৰ মাজত সীমাৰ সিপাৰৰ উগ্রবাদীও আছিল? নিজৰ অস্তিত্বৰ ভয়াৱহ ভৱিষ্যতৰ প্রতি শংকাত ভোগা মণিপুৰী মেইটেই সমাজ আৰু কুকি সমাজৰ নিজৰ ভিতৰত সংঘৰ্ষক সাম্প্রদায়িক ৰূপ দিয়াৰ প্ৰয়াস কিয় আৰু কাৰ দ্বাৰা হ’ল ? কেইবাবছৰৰ পৰা তাত সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি সেবাকার্যত ব্ৰতী সংঘৰ দৰে সংগঠনক বিনাকাৰণে ইয়াত টানি অনাৰ প্ৰয়াস কৰাত কাৰ স্বার্থ নিহিত হৈ আছে? এনেকুৱা সীমাৱর্তী এলেকাত নাগালেণ্ড আৰু মিজোৰামৰ মাজত অৱস্থিত মণিপুৰত এনেধৰণৰ অশান্তি আৰু অস্থিৰতা বৃদ্ধি কৰিবলৈ কোন বিদেশী ক্ষমতাৰ ৰুচি থাকিব পাৰে। এই ঘটনাসমূহৰ কাৰণ পৰম্পৰাত জানো? দক্ষিণ- পূব এছিয়াৰ ভূ-ৰাজনীতিৰো কোনো ভূমিকা আছে। দেশত মজবুত চৰকাৰ থকাৰ পাছতো এই হিংসা কাৰ সহযোগত ইমানদিনে বিনাবাধাই চলি আছে? যোৱা ৯ বছৰে চলি থকা শান্তিপূর্ণ অবস্থা অব্যাহত ৰাখিব বিচৰা চৰকাৰ থকাৰ পাছতো কেনেকৈ এই হিংসা ভমককৈ জ্বলি উঠিল আৰু চলি থাকিল। আজিৰ অৱস্থাত যেতিয়া সংঘৰ্ষৰত দুয়ো পক্ষই শাস্তি বিচাৰিছে, এই দিশত কোনো যোগাত্মক পদক্ষেপ লোৱা দেখিলেই কোনো দুর্ঘটনা ঘটাই, পুনৰ বিদ্বেষ আৰু হিংসাৰ প্ৰতি উচতোৱা সেই শক্তি কোন? এই সমস্যাবোৰৰ সমাধানৰ বাবে বহুমাত্রিক প্ৰয়াসৰ আৱশ্যকতা আছে। এইকাৰণে য’ত ৰাজনৈতিক ইচ্ছাশক্তি, তদনুৰূপ সক্ৰিয়তা আৰু পাৰদৰ্শিতা সময়ৰ দাবী, তেনেদৰে ইয়াৰ লগে লগে দুর্ভাগ্যপূৰ্ণ পৰিস্থিতিৰ কাৰণে উৎপন্ন হোৱা পৰস্পৰ অবিশ্বাসৰ ব্যৱধান দূৰ কৰাৰ কাৰণে সমাজৰ প্রবুদ্ধ নেতৃত্বয়ো এক বিশেষ ভূমিকা পালন কৰিব লাগিব। সংঘৰ স্বয়ংসেৱক সমাজৰ সকলো স্তৰতে অবিৰাম সকলোৰে সেৱা আৰু সাহায্য প্রদান কাৰ্য কৰি থকাৰ লগে লগে সমাজৰ সজ্জন শক্তিক শাস্তিৰ বাবে আহ্বান কৰি আছে। সকলোৱে নিজৰ বুলি ভাবি, সকলো প্ৰকাৰৰ মূল্য প্ৰদান কৰি বুজাই- মেলি, সুৰক্ষিত, ব্যৱস্থিত, সদ্ভাবেৰে পৰিপূৰ্ণ আৰু শান্তিপূৰ্ণ অৱস্থালৈ অনাৰ প্ৰয়াস সংঘই কৰি আছে। এনে ভয়ংকৰ আৰু উদ্বিগ্নপূৰ্ণ পৰিস্থিতিত চেঁচা মগজুৰে আমাৰ কার্যকৰ্তাসকলে যেনেদৰে তাত সকলোকে চম্ভালাৰ কাম কৰি আছে, তেওঁলোকৰ প্ৰতি তথা সেই স্বয়ংসেৱকসকলৰ প্ৰতি আমি গর্ববোধ কৰিছোঁ ৷

আমাৰ নিজৰ ভিতৰতে কোনো সমস্যা নাই? আমাৰ জানো নিজৰ বিকাশৰ বাবে কোনো আৱশ্যকতা, আশা নাই ? আমাৰ জানো বিকাশৰ বাবে নিজৰ ভিতৰতে প্ৰতিযোগিতা | নচলে? আমি জানো আটায়ে মন, বচন, কৰ্মৰে এই একাত্মতা সূত্ৰ মানি ব্যৱহাৰ কৰোঁ? সকলোৱে জানে যে সকলোৱে এনেকুৱা নহয়। কিন্তু এনেকুৱা হওক, এই ইচ্ছা পোষণ কৰাসকলে এনেকৈ ক’লে নহ’ব যে প্রথমে সমস্যাসমূহ সমাপ্ত হওক, প্ৰথমে প্ৰশ্নবোৰৰ সমাধান হওক, পাছত আমি একতাৰ কথাৰ প্ৰতি ধ্যান দিম। আটায়ে এইটো বুজি ব লাগিব যে আপোনাৰ দৃষ্টি গ্ৰহণ কৰি ব্যৱহাৰ কৰিলে হয়তো তাৰ পৰাই সমসাৰ সমাধনো ওলাব। অ’ত-ত’ত ঘটা ঘটনাবোৰত বিচলিত নহৈ শান্তি আৰু সংযমেৰে কাম কৰিব লাগিব । সমস্যাসমূহ বাস্তৱিক, কিন্তু সেয়া কেৱল এটা জাতি, বৰ্গৰ বাবেই নহয়। তাক সমাধান কৰাৰ প্ৰয়াসৰ লগে লগে আত্মীয়তা আৰু একতাৰ মানসিকতাও নিৰ্মাণ কৰিব লাগিব। ভুক্তভোগীসকলৰ মানসিকতা, এজনে আনজনক অবিশ্বাসৰ দৃষ্টিৰে চোৱা অথবা ৰাজনৈতিক ক্ষমতাধাৰীসকলৰ পাশাখেলৰ পৰা পৃথক হৈ চলিব লাগিব। এনে কামবোৰত ৰাজনীতি বাধাস্বৰূপ হৈ পৰে। ই কোনো শৰণাগত বা বাধ্যবাধকতা নহয়। যুদ্ধৰত দুটা পক্ষৰ চীজফায়াৰো নহয়। ভাৰতৰ সকলো বিবিধতাৰ মাজত পৰস্পৰ একতাৰ যি সূত্র বিদ্যমান, সেই সূত্ৰৰ আপোনত্বৰ ই আহ্বান। আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰো ৭৫ সংখ্যক বর্ষ চলি আছে। এই সংবিধানে আমাক এই দিশলৈকে আঙুলিয়ায়। পূজনীয় ডাঃ বাবাচাহেব আম্বেদকাৰদেৱে সংবিধান প্ৰদান কৰাৰ সময়ত সংবিধান সভাত যি দুটা ভাষণ দিছিল, তাৰ প্ৰতি ধ্যান দিলে এই সাৰমৰ্ম বোধ হ’ব।

এইটো আচম্বিতে হ’ব লগা কাম নহয়। পুৰণি সংঘৰ্ষৰ কটু স্মৃতি সমুহীয়াভাৱে আজিও আছে। দেশ বিভাজনৰ নিৰ্মম বিভীষিকাৰ আঘাত বৰ গভীৰ। তাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ কাৰণে যি ক্ষোভ মনত ওপজে, তাৰ শোককথা আৰু ব্যৱহাৰত প্রকট হয়। এজনে আনজনৰ চুবুৰিত ঘৰ নোপোৱাকে আৰম্ভ কৰি এজনে আনজনৰ প্ৰতি উচ্চ-নীচৰ, তিৰস্কাৰৰ দৰে ব্যৱহাৰলৈকে কটু অনুভৱ আমাৰ আছে। হিংসা, সংঘর্ষ, প্রতারণা আদি ঘটনাৰ দোষ এজনে আনজনৰ ওপৰত জাপি দিয়াৰ প্ৰসংগও ঘটে। কিছুলোকে কৰাটো সম্পূর্ণ সমাজে কৰা, এনে বিবেচনাৰে বক্তব্য, মত প্ৰকাশ কৰে। আহ্বান, প্রতি আহ্বান দিয়া হয়, যিটোৱে উচটনিৰ কাম কৰে।

আমাৰ মাজত কাজিয়া লগাই দেশখন ধানবান কৰিব বিচৰা শক্তিসমূহেও ইয়াৰ সম্পূৰ্ণ লাভ লয়। চাওঁতে চাওঁতে সৰু ঘটনা এটাক ডাঙৰ কৰি প্ৰচাৰ কৰা হয়। দেশ-বিদেশৰ পৰা চিন্তা ব্যক্ত কৰা আৰু সাৱধানবাণী শুনোৱা বক্তব্য প্রকাশ কৰা হয়। হিংসা বিয়পোৱা চক্র সক্ৰিয় হৈ পৰে আৰু পৰম্পৰা, অবিশ্বাস আৰু দ্বেষ অধিক বঢ়াই তোলা হয়।

সমাজত সমসতা বিচৰা সকলোৱেই এই প্ৰাণনাশক খেলৰ মায়াৰ পৰা ৰক্ষা পৰিব লাগিব। এই সকলোবোৰ সমস্যাৰ নিদান ধীৰে ধীৰেহে ওলাব। তাৰ বাবে দেশত বিশ্বাসৰ তথা সৌহার্দ্যৰ বাতাবৰণ নিৰ্মাণ কৰাটোৱে হ’ব পূর্বচর্ত। নিজৰ মন স্থিৰ কৰি, বিশ্বাস ৰাখি, পৰম্পৰা কথা-বতৰা বাঢ়ে, পৰস্পৰ বুজাবুজি বাঢ়ে, পৰম্পৰাৰ মাজত শ্ৰদ্ধা সন্মান উৎসৱ হয় আৰু সকলোৰে মিলামিছা বাঢ়ে এনেধৰণে আমাৰ মন, বচন, কৰ্ণৰে আমি চলিব লাগিব। প্ৰচাৰ অথবা ধাৰণাৰে নহয়, বাস্তবিকতা চাই কাম কৰিব লাগিব। ধৈৰ্যৰে, সংযম আৰু সহনশীলতাৰ সৈতে নিজৰ কথা-বতৰা তথা কামৰ উগ্ৰতা, ক্রোধ তথা ভয় পৰিত্যাগ কৰি দৃঢ়তাৰে সংকল্প বন্ধ হৈ, দীঘলীয়া সময়লৈ ততে প্ৰয়াস কৰি থকাৰ অনিবার্যতা আছে। বিশুদ্ধ মনেৰে কৰা সংকল্প তেতিয়াহে পূৰ্ণ হয়।

যিকোনো অৱস্থাত যিমানেই উচটনিমূলক হওক, আইন ব্যবস্থা, নাগৰিক অনুশাসন তথা সাংবিধানিক নিয়ম পালন কৰি চলাটো অনিবার্য। স্বতন্ত্ৰ দেশত এনে ব্যৱহাৰেই দেশভক্তিৰ অভি ব্যক্তি বুলি মনা হয়। মাধ্যমক ব্যৱহাৰ কৰি কৰা উত্তেজক অপপ্ৰচাৰত তথা তাৰ ফলস্বৰূপে উৎপন্ন হ’ব পৰা আৰোপ প্ৰত্যাৰোপৰ প্ৰতিযোগিতাৰ জালত যাতে নপৰে, সমাজত মাধ্যমৰ ব্যৱহাৰ সৎ আৰু আত্মীয়তাৰ প্ৰসাৰৰ কাৰণে হওক। হিংসা আৰু গুণ্ডবাজীৰ ক্ষেত্ৰত সঠিক উপায় হ’ল সংগঠিত শক্তিসম্পন্ন সমাজৰ আইন আৰু সুব্যবস্থা ৰক্ষাত তৎপৰ হৈ শাসক-প্রশাসনক উচিত সহযোগ কৰাটো।

অহাবছৰৰ আৰাম্ভণীতেই লোকসভাৰ নিৰ্বাচন আছে। নির্বাচনী পাশাখেলত ভাবনাক উচটাই ভোট সংগ্ৰহ কৰাৰ প্ৰয়াস আমি নিবিচাৰিলেও ই হয়। সমাজক বিভাজন কৰা এনে কথাব পৰা আমি সাৱধান হ’ব লাগে। ভোট দিয়াটো প্ৰতিজন নাগৰিকৰে কৰ্তব্য। তাক নিশ্চয়কৈ পালন কৰিব লাগে। দেশৰ একাত্মতা, অখণ্ডতা, অস্মিতা তথা বিকাশৰ বিষয়ত বিচাৰ- বিবেচনা কৰি ভোট দিব লাগে।

২০২৫ৰ পৰা ২০২৬লৈ সংঘৰ ১০০ বছৰ পূৰ্ণ হোৱাৰ পাছৰ বছৰ। ওপৰত বর্ণোৱা সকলো কথাতেই সংঘৰ স্বয়ংসেৱকে নিজৰ খোজ পেলাব, তাৰ প্ৰস্তুতি কৰি আছে। সমাজৰ আচৰণত, উচ্চাৰণত সম্পূর্ণ সমাজ আৰু দেশৰ প্ৰতি আপোনত্বৰ ভাব প্রকট হ’ব লাগে। মন্দিৰ, পানী, শ্মশানত যদি ক’ৰবাত ভেদ ভাবৰ অৱশিষ্ট আছে, তাক সমাপ্ত কৰিব লাগে। পৰিয়ালৰ সকলো সদস্যৰ মাজত সদায় মংগলজনক কথা-বতৰা, সংস্কাৰযুক্ত ব্যৱহাৰ আৰু সংবেদনশীলতা অটুট থাকে, বৃদ্ধি হৈ গৈ থাকে আৰু তেওঁলোকৰ দ্বাৰা সমাজৰ সেৱা হৈ থাকে। সৃষ্টিৰ সৈতে সম্বন্ধৰ আচৰণ নিজৰ ঘৰখনত পানী বচাই, প্লাষ্টিক আঁতৰাই আৰু ঘৰৰ চোতালত তথা আশে-পাশে সেউজ আৱৰণ বৃদ্ধি কৰা হওক। স্বদেশী আচৰণৰ দ্বাৰাই স্ব- নিৰ্ভৰতা আৰু স্বাৱলম্বন বৃদ্ধি হওক। আজে-বাজে খৰচ বন্ধ হওক। দেশৰ ৰোজগাৰ বাঢ়ক আৰু দেশৰ পইচা দেশতেই কামত আহক। সেইবাবে স্বদেশীৰ আচৰণো ঘৰৰ পৰাই আৰম্ভ হ’ব লাগে। আইন ব্যৱস্থা আৰু নাগৰিকতাৰ নিয়মসমূহ পালন হওক তথা সমাজত পৰস্পৰ সম্ভাব আৰু সহযোগৰ প্ৰবৃত্তি সর্বত্র ব্যপ্ত হওক এই পাঁচটা আচৰণাত্মক কথা হোৱাটো সকলোৱেই বিচাৰে। কিন্তু সৰু সৰু কথাৰে আৰম্ভ কৰি তাৰ আভাসৰ দ্বাৰা এই আচৰণ নিজৰ স্বভাবলৈ অনাৰ বাবে সততে প্রয়াসৰ আব্যশকতা আছে। সংঘৰ স্বয়ংসেৱকে অহা দিনবোৰত সমাজৰ অভাবগ্রস্ত ভাইসকলক সেৱা কৰাৰ লগতে এই পাঁচ প্ৰকাৰৰ সামাজিক কৰ্তব্যৰ আচৰণ নিজে কৰি সামজকো তাত সহভাগী আৰু সহযোগী কৰাৰ প্ৰয়াস কৰিব। সমাজহিতৰ প্ৰতি শাসন, প্রশাসন তথা সামজৰ সজ্জন শক্তিয়ে যি কৰি আছে অথবা কৰিব বিচাৰে, তাত সংঘৰ স্বয়ংসেৱকৰ যোগদান সদায়ে চলি থাকিব।

সমাজৰ একতা, সজাগতা আৰু সকলো দিশতেই নিঃস্বার্থ উদ্যম, জনহিতকাৰী শাসন আৰু জনমুখী প্রশাসন স্ব-অধিষ্ঠানত থিয় হৈ পৰম্পৰ সহযোগিতাৰে প্ৰয়াসৰত হৈ থাকিলেহে ৰাষ্ট্ৰ শক্তিমন্ত, বৈভৱসম্পন্ন হ’ব পাৰে। বল আৰু বৈভৱেৰে সম্পন্ন ৰাষ্ট্ৰৰ লগত যেতিয়া আমাৰ সনাতন সংস্কৃতিৰ দৰে সকলোকে নিজৰ কুটুম্ব বুলি ভবা, এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা, অসত্যৰ পৰা সত্যৰ পিনে লৈ যোৱা তথা মত জীৱনৰ পৰা সাৰ্থকতাৰ অমৃত জীৱনৰ পিনে লৈ যোৱাৰ সংস্কৃতি থাকে, তেতিয়া সেই ৰাষ্ট্ৰই বিশ্বৰ হেৰাই যোৱা ভাৰসাম্যতা ওভতাই আনি বিশ্বক সুখ-শান্তিময় নৱজীৱনৰ বৰদান কৰে। বৰ্তমান সময়ত আমাৰ অমৰ ৰাষ্ট্ৰৰ নৱোখানৰ এয়াই প্রয়োজন।

চক্রবর্তিয়ো কি সন্তান, লেকৰ জগত গুৰু কা জ্ঞান, বঢ়ে চলে তো অৰূপ বিহান, কৰনে কো আত্র অভিষেক,

প্রশ্ন বহুত সে উত্তৰ এক । ভাৰত মাতা কী জয়। (নাগপুৰত অনুষ্ঠিত বিজয়া দশমী উৎসৱত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতে প্ৰদান কৰা ভাষণৰ সম্পাদিত ৰূপ)