শাৰদী ৰাণী – সত্যজিৎ গগৈ

শাৰদী ৰাণী
সত্যজিৎ গগৈ,
নাহৰকটীয়া, ডিব্ৰুগড়
টুপ্ টুপ্ শেৱালি সৰাৰ শব্দ
মই এটি সেউজীয়া চোলা পিন্ধিছোঁ
নৈশ প্ৰহৰীৰ কম্বল আঁতৰাই
হিম শীতল এজাক শুভ্ৰ বতাহ
নিৰৱধি নদীৰ দৰে বৈ আহে
শাৰদী জোনাকৰ শীতলতা
সূৰ্যোদয় এক চিৰন্তন সত্য
হাজাৰটা বসন্তৰ পাছতো শীত আহিব
আকৌ পদূলিৰ শেৱালিজোপাত গধূলি হ’ব
দিগন্তৰ এটি পাৰত কহুঁৱা ফুলিব
নিয়ৰৰ দলিচাত খোজ দি
মুকুতাৰ মৰণা ফুৰাম
বগলীৰ পাখিত ওলমি ৰ’ব
সুখৰ লহপহীয়া সময়
কুঁৱলীৰ চাদৰ গাত মেৰিয়াই
পুনঃ পৃথিৱীখন ৰঙীন হ’ব ।।