খনিকৰ – অনামিকা (সংগীতা)কলিতা

খনিকৰ 

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

হে খনিকৰ—

আমাৰ প্ৰাণৰ মৃন্ময় প্ৰতিমা

তোমাৰ হাতৰ পৰশত নিৰ্মাণ হয় ।

দেৱী মাক আভূষণ বস্ৰৰে সু-সজ্জিত কৰি

কল্পনাৰ ৰঙেৰে সজীৱ কৰা ।

হে খনিকৰ —

পূজাৰ বেদিত পৰিপূৰ্ণ হৈ পৰে

চাকি বন্তি ধূপ -ধূণাৰ

উৰুলি,ঘন্টা শংখ ধ্বনিৰ মাজত

আমাৰ প্ৰাণৰ প্ৰতিমা ।

হে খনিকৰ—–

দেৱী ৰূপে ভক্ত গণে

পূজা অৰ্চনা কৰে

মনৰ অভিলাষ পূৰণৰ আশাত

আমাৰ প্ৰাণৰ প্ৰতিমা।

হে খনিকৰ——

বিদায় বেলাত চকু-লো টোকে ভক্তগণে

ৰ’দ বৰষুণত তিতি বুৰি পৰি ৰয়

আমাৰ প্ৰাণৰ প্ৰতিমা।