নলবাৰীত অজাপৰ ‘এক অসম যাত্ৰা’

নলবাৰীত অজাপৰ ‘এক অসম যাত্ৰা’

ৰঙিলী বাৰ্ত্তাসেৱা- ‘এক অসম যাত্ৰা’ৰ বাৰ্তা লৈ নলবাৰীত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজোতি গগৈ। নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীহৰিমন্দিৰত সেৱা গ্ৰহণ কৰি আৰম্ভ কৰে এক অসম যাত্ৰা। নলবাৰীত লুৰীণজোতি গগৈৰ কাষত ঠিয় হয় কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ নেতা কৰ্মীও। নলবাৰীত লুৰীণজোতি গগৈয়ে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত মতামত ব্যক্ত কৰে। চিলিং আইন ভংগ কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে বেদখল কৰা,চাকৰিৰ কেলেংকাৰী আৰু প্ৰতিদিন টাইম’ৰ কনক্লেভত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা বক্তব্য সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰে লুৰীণজোতি গগৈয়ে। ‘আছু’ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অজাপৰ সভাপতিগৰাকীয়ে। লুৰীণজ্যোতি গগৈয়ে অসম যাত্ৰাৰ বাৰ্তা লৈ পুৱা দহ বজাত নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীহৰিমন্দিৰত সেৱা গ্ৰহণ কৰি আৰম্ভ কৰে এক অসম যাত্ৰা।ইয়াৰ পিচতেই নলবাৰীৰ বড় মছজিদত দোৱা কৰে লুৰীণজোতি গগৈয়ে। লুৰিণজোতি গগৈৰ লগত উপস্থিত থাকে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান, উপ সভাপতি দুলু আহমেদ আদি নেতাসকল। সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি লুৰীণজোতি গগৈয়ে কয় যে এখন শান্তিৰ অসম বিচাৰি, এখন একতাৰ অসম বিচাৰি ৰাইজে অসম জাতীয় পৰিষদক সমৰ্থন কৰি ওলাই আহিছে। প্ৰতিদিন টাইমৰ নতুন দিল্লীত অনুষ্ঠিত কনক্লেভত মুখ্যমন্ত্ৰীয়ে চাকৰি সম্পৰ্কত কৰা মন্তব্য সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে লুৰীণজোতি গগৈয়ে। অকল মুখ্যমন্ত্ৰীৰ সমষ্টিৰ মানুহ হ’লেহে অসমীয়া নেকি বুলি প্ৰশ্ন উত্থাপন কৰি লুৰীণজোতিয়ে কয় এজনে অনিয়মেৰে চাকৰি পালেই চিবিআইৰ তদন্ত কৰিম বুলি কোৱা মুখ্যমন্ত্ৰী এতিয়া নিমাত। মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰী সম্পৰ্কতো প্ৰতিক্ৰিয়া লুৰীণজোতি গগৈৰ। চিলিং আইন ভংগ কৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ মানিকনাধীন কোম্পানীয়ে অবৈধভাবে কৃষিভূমি দখল কৰা বুলিও অভিযোগ উত্থাপন কৰে লুৰীণজোতি গগৈয়ে। একেদৰে অমৃত বৃক্ষ আন্দোলন সম্পৰ্কতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে লুৰীণজোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাই সমগ্ৰ নলবাৰী চহৰ পৰিভ্ৰমণ কৰে। আনহাতে চৰকাৰৰ গছ কাটি,গছ ৰুই বিশ্ব অভিলেখ গঢ়াৰ মানসিকতাৰ বাবেই গছপুলি ধ্বংস কৰা হ’ল বুলিও অজাপৰ সভাপতিগৰাকীয়ে কয়। ইপিনে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ে উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে ‘আছু’ৱে জাতীয় দায়িত্ব পালন কৰক। এয়া সময়ৰ আহ্বান। জাতীয় সত্তা পাহৰিলে নহ’ব। আছুৱে নিজৰ সংবিধানমতে চলাটো সংগঠনটোৰ কাৰণে মংগল। ‘আছু’ৰ পৰাই পৰিচয় লাভ কৰা বুলি প্ৰকাশ কৰি লুৰীণজোতি গগৈয়ে কয় যে আছুৰ সৰব ভূমিকা থকাটো ভাল। অসমৰ জাতীয় চিন্তা চেতনাক আগুৱাই নিবলৈ ছাত্ৰ সন্থাৰ ভূমিকা সক্ৰিয় হ’ব লাগিব বুলিও তেওঁ মন্তব্য কৰে। একেদৰে আছু ৰাজনৈতিক দলৰ বহতীয়া হ’ব নালাগে বুলিও মন্তব্য কৰে লুৰীণজোতি গগৈয়ে। ছাত্ৰ সংগঠনটোৰ সংবিধানমতে আছু পৰিচালিত হোৱাটো সংগঠনৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু মংগলদায়ক বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে। উল্লেখনীয় যে লুৰীণজ্যোতি গগৈৰ নেতৃত্বত দলটোৱে নলবাৰীত বিশিষ্ট বুদ্ধিজীৱী প্ৰয়াত শশী শৰ্মাৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তদুপৰি জীৱন শিল্পী গুৰুজী আদ্য শৰ্মা আৰু ড° বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিতো শ্ৰদ্ধাঞ্জলি জনায়। সেইদৰে নলবাৰী কলেজ চ’কৰ ছহিদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অজাপৰ দলটোৱে বেলশৰৰ ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ত সেৱা লৈ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। দলটোৱে পিচত বাঁহজানীৰ শংকৰদেৱ জন্মোৎসৱত উপস্থিত হৈ মৰোৱা শংকৰদেৱ জন্মোৎসৱত অংশগ্ৰহণ কৰি বিভিন্ন লোকৰ সৈতে মত বিনিময় কৰে।