গড়গাঁও মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস  উদযাপন 

গড়গাঁও মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস  উদযাপন 
যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ২৪ ছেপ্টেম্বৰত উলহ-মালহেৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস। এই দিৱস উপলক্ষে প্ৰথমতে মহাবিদ্যালয়ৰ কাষতে অৱস্থিত প্ৰত্নতাত্ত্বিক স্থান বৰদুৱাৰ মুখত পৰিৱেশ প্ৰদূষণ কৰা বৰ্জনীয় প্লাষ্টিক  সামগ্ৰী সংগ্ৰহ কৰাৰ লগতে মহাবিদ্যালয় প্ৰাংগনত চাফাই অভিযান আৰু গছ পুলি ৰোপন কৰা হয়। এই প্ৰাৰম্ভিক কাৰ্যসূচী সম্পাদন কৰাৰ পাছতে  আনুষ্ঠানিক সভা তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা স্বেচ্ছাসেৱকৰ বাবে অনুষ্ঠিত কৰা পুনৰ বিন্যাস কাৰ্যসূচীত এগছি বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড°ৰিমঝিম বৰাই।ইয়াৰ পাছতে ড°ৰিমঝিম বৰাই আদৰণি ভাষণত এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে সামাজিক কাৰ্যাৱলীৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীৰ  সামগ্ৰিক ব্যক্তিত্ব বিকাশত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ভূমিকা অপৰিসীম।  যোৰহাট আইন মহাবিদ্যালয়ৰ অধ্যাপিকা, আবৃত্তি বিশাৰদ,যোগবিদ মেঘালী বৰাই অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে উপস্হিত থাকি সাম্প্ৰতিক সময়ত যুব প্ৰজন্মৰ সবলীকৰণৰ বাবে যুব ছাত্ৰ-ছাত্ৰী সকলে কেনেধৰণেৰে জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে সেই সম্পৰ্কে আলোকপাত কৰাৰ লগতে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ভিন্ন কাৰ্যসূচী সমূহে কিদৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সফল জীৱনত সহায় কৰিব পাৰে তাক ব্যক্ত কৰে।ইয়াৰ পাছতে বিশিষ্ট ব্যক্তি ৰূপে উপস্থিত থকা মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক অনিল তাঁতীয়ে গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিয়ে এতিয়ালৈকে কৰি অহা সামাজিক কাৰ্যকলাপ সমূহে কিদৰে ছাত্ৰ-ছাত্ৰীক উপকৃত কৰি আহিছে সেই সম্পৰ্কে বক্তব্য প্ৰদান কৰে।অনুষ্ঠানটিৰ অন্য এক কাৰ্যসূচী মহাবিদ্যালয়ৰ ‘প্ৰাক্তন এন. এছ. এছ. স্বেচ্ছাসেৱক সমাৰোহ’ত উপস্হিত থকা ৰাজ্যিক বঁটা প্ৰাপ্ত প্ৰাক্তন স্বেচ্ছাসেৱিকা জ্ঞানতৃষা ফুকন, স্বেচ্ছাসেৱক কৌস্তভ চেতিয়া, মানৱ বৰগোহাঁই, নিকিতা হাজৰিকা,পৰী হাজৰিকা,কাশ্মীৰী কাশ্যপৰ লগতে বৰ্তমানৰ এন. এছ. এছ. স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকা সকলে মনোৰম বাৰ্তালাপেৰে নিজৰ নিজৰ অভিজ্ঞতাসমূহ বিনিময় কৰে। এই অনুষ্ঠানটোতেই প্ৰাক্তন স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকা সকলে ভৱিষ্যতৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাম কাজত অংশগ্ৰহণ কৰিবৰ বাবে এখন কমিটি গঠন কৰে।ইয়াৰ পাছতে স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকা সকলে  নৃত্য -গীত- বাদ্যৰ সমন্বয়েৰে এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে।মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সদস্য বিশ্বজিৎ দত্তই  অনুষ্ঠানটিৰ  আঁত ধৰাৰ লগতে শতাধিক  ছাত্ৰ-ছাত্ৰী,অধ্যাপক  আৰু স্বেচ্ছাসেৱক -স্বেচ্ছাসেৱিকাই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰি এটা সুন্দৰ দিন উপহাৰ দিয়াৰ বাবে সকলোকে শলাগৰ শৰাই আগবঢ়ায় ।