বহুত দুখ দিলা – ছেলিমা বেগম

Pc Pixabay
বহুত দুখ দিলা
ছেলিমা বেগম
বহুত দুখ দিলা মোৰেই প্ৰিয়তমা,
মনৰ মাজত দাগ বহুৱায় দিলা ।
অন্তৰে কান্দিবলৈ ধৰিলে তথাপি
হৃদয়ৰ দাপোনত তোমাৰে ছবি
  দেখা পাওঁ পুৱাৰ পৰা আবেলি লৈকে।
জীৱনৰ শলিতা জ্বলি জ্বলি শেষ হ’ল,
অন্তৰ খন পুৰি ছাৰখাৰ হৈছে
তোমাৰ স্মৃতিবোৰ লিপিবদ্ধ কৰি থৈছোঁ
 মোৰ হৃদয়ৰ কোঠালিত মৰম
ছটিয়াই দিয়া আহি গোপনে গোপনে।
উফ্! হৃদয়ত মামৰে ধৰিছে,
তোমাৰ কথা ভাবি ভাবি দিনবোৰ
কেনেদৰে পাৰ কৰিছোঁ জানানে?
এবাৰ ভাবি চাইছেনে মোৰ মনত
কিয় আঘাত দিলা মনে যে বিচাৰে
তোমাকে বাৰে বাৰে আমনি কৰে
তোমাৰ স্মৃতিবোৰ হৃদয়ৰ কোঠালিত।
হৃদয়খন ধপধপাবলৈ ধৰিছে তোমাৰ
অপেক্ষাত কিয় তুমি প্ৰতাৰণা কৰিলা।
হৃদয়ত আছিল কেঁচা মৰম কিয় বিষ
ডালি দিলা মনে যে কৰে হাহাকাৰ ।
শিলৰ ধৰে কঠিন কিয় হৈ আশাবোৰ
অন্ধকাৰৰ মাজত পুতি থৈছা।
উফ্ ! বহুত দুখ দিলা মোৰে প্ৰাণেশ্বৰী  !!