৪৫৫ বৰ্ষ অতিক্ৰম কৰা দৰঙৰ ঐতিহাসিক খটৰাসত্ৰত পাচেতি উৎসৱ

৪৫৫ বৰ্ষ অতিক্ৰম কৰা দৰঙৰ ঐতিহাসিক খটৰাসত্ৰত পাচেতি উৎসৱ

মঙ্গলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্যৰ লগতে দৰঙৰ বিভিন্ন স্হানত জাক জমকতাৰে কালি বিশ্বখনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মাৰ পূজা অৰ্চনা সম্পন্ন হয়। আনহাতে ৪৫৫ বছৰ অতিক্ৰম কৰা দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত পৰম্পৰা অনুসৰি পালন কৰা হয় পাচেতি উৎসৱ। অগগণ ভক্ত, দৰ্শনাৰ্থীৰ উপস্হিতিৰে মুখৰিত হয় খটৰা সত্ৰৰ চৌপাশ ।‌১৫৬৮ চনত মহাপুৰুষ মাধৱদেৱৰ অন্যতম শিষ্য লেচাকনীয়া গোবিন্দ আতাই স্থাপন কৰা খটৰা সত্ৰৰ এটি বিশেষত্ব হৈছে পাচেটি উৎসৱ। এই পাচেটি উৎসৱ বিশ্বকৰ্মা পূজাৰ দিনাখনেই উদ্‌যাপন কৰা হয়। দধি মথন হৈছে উক্ত পাচেতি উৎসৱৰ অন্যতম মনপৰশা অনুষ্ঠান। উক্ত কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে। তেওঁ ভাষণত খটৰা সত্ৰৰ ঐতিহাসিক দিশ তথা পাচেতি উৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰি সমূহ ভক্তপ্ৰাণ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰাপ্ত তথ্য অনুসৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই সত্ৰ চৌহদত উচ্চ ক্ষমতা সম্পন্ন পোহৰৰ সু-ব্যৱস্থা আগবঢ়োৱা বাবে খটৰা সত্ৰ পৰিচালনা সমিতিয়ে সন্তোষ প্ৰকাশ কৰে। উল্লেখ্য যে খটৰা সত্ৰৰ পাচেতি উৎসৱ উপলক্ষে সমগ্ৰ পশ্চিম দৰং অঞ্চলত উছাহৰ ঢল বোৱা পৰিলক্ষিত হয়।