‘দ্য আসাম পোষ্ট’ কাকতৰ বৰ্ষপূৰ্তি অনুষ্ঠান

‘দ্য আসাম পোষ্ট’ কাকতৰ বৰ্ষপূৰ্তি অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- ‘দ্য আসাম পোষ্ট’ ইংৰাজী দৈনিক বাতৰি কাকতখনৰ বৰ্ষপূৰ্তি অনুষ্ঠানটো ১৩ ছেপ্টেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে গুৱাহাটীত অনুষ্ঠিত হয়৷অনুষ্ঠানত বিশিষ্ট আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মোহন,বিশিষ্ট লেখিকা স্বপ্নালি মহন্ত,মুখ্য আৰক্ষী তদন্তকাৰী বিষয়া হেমন্ত ভটাচাৰ্য,লেখিকা,জ্যেষ্ঠ সাংবাদিক দৰ্শনা বৰুৱা,সমাজসেৱক অংশুমান দত্ত,অতিৰিক্ত অভিযন্তা দেবজিত দাস কে আদি কৰি বহু কেইজন গুণী জ্ঞানী ব্যক্তি উপস্থিত থাকে , আৰোহণ সংগীত কাননৰ কণ কণ শিল্পী সকলে,গীত,নৃত্য পৰিৱেশন কৰে৷অনুষ্ঠানত ১২ জন বিভিন্ন ক্ষেত্ৰত নিজৰ কৰ্ম ৰাজিৰে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক প্ৰদান কৰা হয় “Glowing Flame Award’৷ সাংস্কৃতিক সন্ধিয়াটি বিশেষভাৱে গীতেৰে জিপাল কৰি তোলে ময়ুৰী দত্ত আৰু নৱম কল্যাণে৷ তিনিখন গ্ৰন্থ উন্মোচন হয় ’ক্ৰোধাগ্নি’ উপন্যাস,Succes Mantra = প্ৰবন্ধ,যদি লীন যাওঁ জোনাকত -কবিতা সংকলন৷