বানপানী – কাজি শ্বাহাদত ইছলাম

বানপানী
কাজি শ্বাহাদত ইছলাম,
দক্ষিনগাঁও, কাহিলীপাৰা
চৰাঞ্চলত বসবাস কৰা দম্পতী  নাঈম আৰু ৰুবিকাৰ  মনত বহুত সপোন। সিহঁতৰ ২ বছৰীয়া মাইনাটো অলপ ডাঙৰ হ’লে চহৰলৈ গুছি যাব, ৰিক্সা চলাই হ’লেও সিহঁতৰ মাইনাটোক ভাল স্কুলত নাম লগাই দি শিক্ষিত নাগৰিক হিচাপে গঢ়ি তুলিব ইত্যাদি ইত্যাদি।সন্ধিয়াৰ তৰা ভৰা আকাশখন চাই ভাবিছিল কাইলৈ হয়তো বানপানী কমি চোতালৰ পৰা তললৈ নামিব। গতিকে বহু দিনৰ পিছত এই ৰাতিটোত গভীৰ টোপনিত গৈছিল পৰিয়ালটো।হঠাতে সিহঁতৰ অজানিতেই আকাশখন এন্ধাৰ হৈ আহিল। আকৌ আগৰ দৰেই নেৰা নেপেৰা বৰষুণ পৰিব ধৰিলে। বানৰ পানী বাঢ়ি গৈ থাকিল। কিছু ক্ষণৰ ভিতৰতে ঘৰখন ডুবি গ’ল। পৰিয়ালটোৱে বহুত চেষ্টা কৰিছিল চাঙৰ পৰা নামি ঘৰৰ বাহিৰত ওলাই আহিবলৈ। কিন্তু তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল।