মানুহে মানুহৰ বাবে – মুন শৰ্মা

অণুগল্পঃ
মানুহে মানুহৰ বাবে
মুন শৰ্মা, লখিমপুৰ
অৱশেষত তেওঁৰ আত্মীয়ই  মোৰ পৰা তেওঁক দৰকাৰ হোৱা তেজ কণ পালে।চিনি নাপাওঁ মানুহ জনীক মই, কোন জাতি,কোন ধৰ্ম এইবোৰ একোৱেই নাজানো মই!ভবাও নাই এইবোৰ কথা ! মোৰ মাত্ৰ এটাই কথা তেওঁ  অসহায়। অলপ সহায় দৰকাৰ আছিল,আমাৰে কোনোবা বাই-ভনী তেওঁ! সিফালে মোৰ অকণমান তেজৰ দ্বাৰা যদি কাৰোবাৰ জীৱন ৰক্ষা পৰে তাত  নো মোৰ হয় কি লোকচান! মানুহ হিচাপে যদি আমি এজনে আন জনৰ কথা নাভাবো ভাবিব কোনে এই দুনিয়াত।