অসমত ‘মেৰা বিল মেৰা অধিকাৰ’ এপ মুকলি
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ দ্বাৰা ৰূপায়িত ‘মেৰা বিল মেৰা অধিকাৰ’ এপটো বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ছয়মাইলস্থিত নয়নতৰা ডিপাৰ্টমেণ্টেল ষ্টোৰ্ছত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।সামগ্ৰী ক্ৰয় কৰোতে গ্ৰাহকসকলক জি এচ টি ইনভইচ বা বিল সংগ্ৰহ কৰাত উৎসাহ যোগাবৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই অভিনৱ প্ৰচেষ্টা গ্ৰহণ কৰিছে। কৰ বিভাগে ব্যৱস্থা কৰা এই এপৰ জৰিয়তে প্ৰতি মাহে লটাৰি অনুষ্ঠিত কৰি এপত বিল আপলোড কৰা গ্ৰাহকসকলক লটাৰিৰ জৰিয়তে নগদ পুৰস্কাৰ দিয়া হ’ব। উল্লেখযোগ্য যে এই এপটো আজিৰে পৰা অসম, গুজৰাট, হাৰিয়ানা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে দমন আৰু দিউ, দাদৰা নগৰ হাৱেলি আৰু পুডুছেৰীত কাৰ্যকৰী হ’ব। এই অনুষ্ঠানত কৰ বিভাগৰ আয়ুক্ত ৰাকেশ আগৰৱালা, অতিৰিক্ত কৰ আয়ুক্ত চাকিল চাদুল্লাৰ উপৰিও কৰ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।