লাহৰীঘাট বৈদ্যুতিক উপসংমণ্ডল বিষয়াৰ কাৰ্য্যালয় ঘেৰাও ভুক্তভোগী ৰাইজৰ

লাহৰীঘাট বৈদ্যুতিক উপসংমণ্ডল বিষয়াৰ কাৰ্য্যালয় ঘেৰাও ভুক্তভোগী ৰাইজৰ

এহিয়া আহমেদ, বৰথল দলৈগাওঁ,ৰঙিলী বাৰ্ত্তাসেৱা- দিনত অতি কম সময় বিদ্যুত সেৱা প্ৰদান কৰি অত্যাধিক বিদ্যুৎ মাছুল পৰিশোধ কৰিবলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰিছে লাহৰীঘাট বৈদ্যুতিক উপসংমণ্ডল এলেকাধীন ৰাইজ। অত্যাধিক বিদ্যুৎ মাছুল আদায় লৈ চৰকাৰী পুঁজি টনকিয়াল কৰাতকৈ পোনপটীয়াকৈ টকা খুজিবলৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান ভুক্তভোগী ৰাইজৰ। উৎকট গৰমত বিদুৎতৰ সঘন কৰ্তনৰ লগতে কাৰিকৰী বিজুতি দূৰ কৰাৰ ক্ষেত্ৰত লাহৰীঘাট বৈদ্যুতিক উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকলে দেখুৱা দায়িত্ব জ্ঞানহীন কাম কাজত অতিষ্ঠ হৈ লাহৰীঘাট বৈদ্যুতিক উপসংমণ্ডল এলেকাধীন গাঁৱৰ একাংশ ৰাইজে লাহৰীঘাট বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্য্যালয় ঘেৰাও কৰে। অঞ্চলটোৰ উলুবাৰী, শলমাৰী, বৰথল দলৈগাওঁ, বৰথল কছাৰীগাঁও, হাঁহচৰা,‌বৰবৰী, দাতিয়ালবড়ী, লেংৰীবড়ী, লোচনাবড়ী, চহৰীয়া গাঁও, ইত্যাদি বিভিন্ন এলেকাৰ সামান্য কাৰিকৰী বিজুতিৰ বাবে ঘন্টাৰ পিছত ঘন্টা ধৰি বিদুৎ সেৱা ব্যাহত হৈ থকাৰ ওপৰিও অত্যাধিক বিল পৰিশোধ কৰিবলগীয়া হোৱাত গাঁওবাসী ৰাইজ অতিষ্ঠ হৈ পৰে আৰু একাংশ গাওঁবাসী ৰাইজ ওলাই আহি লাহৰীঘাট বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্য্যালয়ৰ সন্মুখত সহকাৰী উপসংমণ্ডল বিষয়াৰ লগত বাৰ্তালাপ কৰি অভিযোগ পত্ৰ প্ৰদান কৰে।