গোলাঘাটতত এছ. বি. আই. লাইফৰ ৭৭ তম স্বাধীনতা দিৱস উদযাপন

গোলাঘাটতত এছ. বি. আই. লাইফৰ ৭৭ তম স্বাধীনতা দিৱস উদযাপন

ৰূপাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- আমাৰ দেশত মহা ধুমধামেৰে ৭৭ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। বিভিন্ন প্ৰান্তৰ পৰা স্বাধীনতা দিৱস উদযাপন কৰাৰ বা-বাতৰি অহাৰ সময়তে গোলাঘাটত শাখাৰএছ. বি. আই. লাইফৰ ৭৭ তম স্বাধীনতা দিৱস বিভিন্ন কাৰ্য সূচীৰে পালন কৰাৰ বাতৰি পোৱা গৈছে। পুৱা তৰঙ্গ পতাকা উত্তোলন কৰা হয় শাখাটোৰ প্ৰাংগণত। পতাকা উত্তোলন কৰে নয়নজিৎ শইকীয়াই, ভাষণ প্ৰদান কৰে শাখাটোৰ প্রবন্ধক নিপন বৰা, সাংবাদিক মৃগাংক বৰুৱা, তমিজা খাতুন, প্ৰাচুৰ্য কটকী আদিয়ে। কবিতা আবৃত্তি, একক অভিনয় আদি লাইফ মিত্ৰ সকলে কৰে। মুঠতে আৰম্বপূৰ্ণ ভাৱে এছ. বি. আই. লাইফৰ শাখাটোৱে স্বাধীনতা দিৱস পালন কৰে।