স্বাধীনতা – মৃদুলা বৰুৱা

স্বাধীনতা
মৃদুলা বৰুৱা, তেজপুৰ 
বন্দীত্বৰ জলঙাৰে যেতিয়া
দেখা নাছিল নীল নদী,
পৰাধীনতাৰ শিকলি খুলিবলৈ
অসংখ্য জনে দিছিল জীৱন আহুতি।
স্বাধীনতাৰ বাটত পাৰি থোৱা নাছিল
মখমলৰ দলিচা,
আছিল তাত অজস্ৰ কাঁইটীয়া বেদনা,
তথাপিও বুকুৱে তেজৰ নিজৰা বোৱাই,
স্বাধীনতা আনিছিল থপিয়াই ।
কিন্তু কিহৰ স্বাধীনতা এইয়া ,
যʼত পদে পদে মৃত্যুৰ আশংকা,
সপোন আছিল মুক্ত পক্ষীৰ দৰে উৰিম,
স্বাধীনতাৰ ইতিহাস ৰচনা কৰিম
পিছে এতিয়া যেন স্বাধীনতা
শোষণৰ বাঘজৰীত বন্দী
আৰু দেশপ্ৰেমবোৰ
 সংবিধানৰ অনুচ্ছেদতে আছে মলঙি।
সপোনবোৰ আমাৰ
সপোন হৈয়ে ৰʼল
স্বাধীন দেশত থাকিও
মনবোৰ স্বাধীন নহ’ল।