দৰং জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰত শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ উদযাপনৰ প্ৰস্তুতি 

দৰং জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰত শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ উদযাপনৰ প্ৰস্তুতি 

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ পাথৰিঘাট ৰাজহ চক্ৰৰ এলেকাধীন দেওমৰনৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰত ১৯ ভাদ ,৬ চেপ্তেম্বৰ বুধবাৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ উদযাপন দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিছে । ৰাতিপুৱা প্ৰাতঃ প্ৰসঙ্গ, পৰিবেশ নিকাকৰণ,ধৰ্ম ধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন,মণ্ডপ উন্মোচন, শৰাই অৰ্চনা, গছপুলি ৰোপণ,আয়তী নাম প্ৰতিযোগিতা, কৃষ্ণ নৃত্য ৰ লগতে ভোগ নিবেদনৰে কাৰ্যসূচী সামৰনি পৰিব । উক্ত কাৰ্যসূচীত সকলো ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰ পৰিচালনা সমিতি আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ উদযাপন সমিতিয়ে।