স্বাধীনতা এতিয়া ক’ত – টেজেন হাজৰিকা

PC - India Times

স্বাধীনতা এতিয়া ক’ত

টেজেন হাজৰিকা, গহপুৰ

সাগৰ , নদী ,বিল ,পাহাৰ পৰ্ব্বত
সকলোতে বিচাৰি ফুৰিছোঁ তোমাক ,
শেলুৱৈ গজা মৰিশালীৰ প্রান্তে প্রান্তে
এতিয়া তোমাক বিচাৰি হাবাথুৰি খাইছোঁ
হে স্বাধীনতা তুমি এতিয়া ক’ত ?
দৰিদ্ৰ জনতাৰ ফটা কামিজত তুমি জানো আছা ?
নিৰীহৰ তেজৰ ডোঙাত দেখোন তোমাৰ
অস্তিত্বই নাই
নাৰীৰ হিয়া ভঙা বিননিত তুমি থকাৰ উমান
জানো আছে ?
দুখীয়া খেতিয়কৰ ঘামৰ টোপালত বৈছে জানো তোমাৰ বিপ্লৱী মাদকতা
শ্ৰমিক , মজদুৰৰ হাৰভঙা কলিজাত
এতিয়া উৰিছে জানো তোমাৰ বিজয় ধ্বজ্জা
দেশ প্ৰেমৰ গীতে জানো কলিজা কঁপাইছে
ৰাজতন্ত্ৰৰ পাগুৰি মৰা বৰমুৰীয়া সকলৰ ?
স্বাধীনতাৰ জয় গান যেন এতিয়া
যুদ্ধত পৰাজিত সৈনিকৰ হৃদয়ত গুঞ্জৰীত
বেহেলাৰ কৰুণ সুৰ
ক’ত আছে সেই স্বাধীনতা
মুক্ত কন্ঠেৰে মনৰ ক্ষোভ জাহিৰ কৰা ?
ক’ত আছে সেই মৌলিক অধিকাৰ
নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা ?
হে স্বাধীনতা…
তুমি এতিয়া কিমান যোজন দূৰত ?