পেৰেডৰ মাজতে এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু

পেৰেডৰ মাজতে এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ বাবে এক অনুশীলনৰ সময়ত গুৱাহাটীৰ খানাপাৰা পেৰেড গ্ৰাউণ্ডত অসম আৰক্ষীৰ এজন কনিষ্টবলৰ মৃত্যু হয়। মৃত আৰক্ষী কনিষ্টবলজনক কুকিল দত্ত বুলি চিনাক্ত কৰা হৈছে। তেওঁ অসম আৰক্ষী ৰেডিঅ’ অৰ্গেনাইজেশ্যন (APRO) অধীনত তেজপুৰত নিযুক্ত হৈ আছিল।কুকিল দত্ত লখিমপুৰৰ বাসিন্দা আছিল। সূত্ৰ অনুসৰি, অনুশীলনৰ সময়ত দত্ত অসুস্থ হৈ পৰে আৰু বুকুৰ বিষৰ অনুভৱ কৰা বুলি জানিবলৈ দিয়ে। ততাতৈয়াকৈ তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালললৈ লৈ যোৱা হয়, য’ত তেওঁক মৃত ঘোষণা কৰা হয়।