শিলাফলকমৰে দৰং জিলাত ‘মেৰী মাটি, মেৰা দেশ’ কাৰ্যসূচীৰ শুভাৰম্ভ

শিলাফলকমৰে দৰং জিলাত ‘মেৰী মাটি, মেৰা দেশ’ কাৰ্যসূচীৰ শুভাৰম্ভ

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ স্বাধীনতা সংগ্ৰামী, স্বতন্ত্ৰতা আন্দোলনৰ ছহিদ, কৰ্তব্যৰত অৱস্থাত দেশৰ বাবে প্ৰাণাহুতি দিয়া সেনা, অৰ্ধসামৰিক বাহিনী বা আৰক্ষীৰ বীৰসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সমগ্ৰ দেশৰ লগতে দৰং জিলাতো যোৱা ৯ আগষ্টত স্মৃতিফলকম কাৰ্যসূচীৰ ৰূপায়ন কৰা হয়। দৰং জিলাত ‘মেৰী মাটি, মেৰা দেশ’ অভিযানৰ উদ্বোধনী কাৰ্যসূচী হিচাপে মঙ্গলদৈৰ কোঁৱৰপাৰাৰ টঙ্গানী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে স্মৃতিফলক উৎসৰ্গা কৰি দেশৰ বীৰ ছহিদ সকললৈ শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে নিজৰ অনুভৱ ব্যক্ত কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে দেশৰ স্বাধীনতা সংগ্ৰামী, স্বতন্ত্ৰতা আন্দোলনৰ ছহিদ, দেশৰ বাবে প্ৰাণ দিয়া সেনা অৰ্ধসামৰিক বাহিনী, আৰক্ষী লোকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাটো আমাৰ পৱিত্ৰ কৰ্তব্য। ‘মেৰী মাটি, মেৰা দেশ’ কাৰ্যসূচীয়ে নৱপ্ৰজন্মক স্বদেশৰ উন্নয়ন আৰু মংগলৰ কাৰণে দায়বদ্ধতাৰে আৰু উৎসৰ্গিত মনোভাৱৰে সেৱা আগবঢ়াবলৈ উদ্ধুদ্ধ কৰিব বুলি তেওঁ মন্তব্য কৰে। মঙ্গলদৈৰ কোঁৱৰপাৰাৰ টঙ্গানী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত আয়োজিত উক্ত শিলাফলকম কাৰ্যসূচীত অতিৰিক্ত আয়ুক্ত নৱদীপ চাংমাই, পশ্চিম মঙলদৈ খণ্ড উন্নয়ন বিষয়া বিপুল কুমাৰ দাস, দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মন, উপহুপাৰা গাওঁ পঞ্চায়তৰ সভাপতি নৱজ্যোতি শৰ্মাৰ লগতে বিশিষ্ট নাগৰিক, শিক্ষক আৰু ছাত্ৰ -ছাত্ৰীসকল উপস্থিত থাকে। প্ৰাপ্ত তথ্য অনুসৰি স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আৰম্ভ হোৱা ‘মেৰী মাটি, মেৰা দেশ’ অভিযানৰ শিলাফলকমৰ উৎসৰ্গাৰ পিছত অহা ১৫ আগষ্টলৈকে পঞ্চ সংকল্প আৰু ছেলফি, বসুধা বন্দন, বিভাজন বিভীষিকা স্মৃতি দিৱস, ছহিদ বীৰসকলৰ বন্দন, হৰ ঘৰ তিৰংগা অভিযানৰ অংশ স্বৰূপে ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন আদি কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ।