মঙ্গলদৈত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান

মঙ্গলদৈত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱাকালি শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযানত প্ৰায় ৬ জনতকৈ অধিক শিশু শ্ৰমিক উদ্ধাৰ কৰে দৰং জিলা শিশু শ্ৰমিক সুৰক্ষা গোটে। শিশু শ্ৰমিক কেইগৰাকী মঙলদৈ আৰু সমীপৱৰ্তী স্থানৰ পৰা উদ্ধাৰ কৰা হয়। আনহাতে সংশ্লিষ্ট কৰ্তৃপক্ষই শিশু শ্ৰমিক ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ সফল নোহোৱা বুলি আলোচিত হোৱাৰ লগতে শিশু শ্ৰমিক সকলৰ উপযুক্ত সংস্থাপন অথবা আঁচনিৰ পূৰ্ণ ৰূপায়ণৰ অভাৱত দুই এদিন পিছতে পুনৰাই শিশু শ্ৰমিক সকলে পূৰ্বৰ পথ অনুসৰণ কৰিব লাগে বুলি এচামে আক্ষেপ কৰে। উল্লেখ্য যে সময়ে সময়ে জিলা শিশু শ্ৰমিক সুৰক্ষা গোটে জিলা প্ৰশাসনৰ সহযোগত যুটীয়াভাবে অভিযান অব্যাহত ৰাখি আহিছে যদিও একাংশ প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে আইনৰ চকুত ধূলি দি শিশু সকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি প্ৰায়ে অভিযোগ উত্থাপিত হয়।