গুৱাহাটী প্ৰেছ ক্লাবত সুস্থ সমাজ বিকাশ চক্ৰৰ সংবাদমেল
ৰঙিলী বাৰ্ত্তাসেৱা- সুস্থ বিকাশ চক্ৰৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি চক্ৰৰ সভাপতি ড° অপূৰ্ব কুমাৰ বৰুৱাই কয়- মণিপুূৰৰ সমান্তৰালভাৱে অসমতো সংঘৰ্ষ হোৱাৰ সম্ভাৱনা দেখা গৈছে৷২০০২চনত গুজৰাটত যি প্লেনেৰে সংঘৰ্ষ চলাইছিল মনিপুৰটো একে পেটাৰ্ণ লৈছে ৷গুজৰাট, মনিপুৰটো যি সংঘৰ্ষ সেয়া অসমলৈও অহাৰ সম্ভৱনা আছে৷বিজেপি চৰকাৰৰ ভাষীক আৰু ঘৃণাৰ ৰাজনীতিৰ বাবে এনে হ’ব পাৰে৷সমষ্টি পুননিৰ্ধাৰণৰ জড়িয়তেও চৰকাৰে ঘৃণা বিয়পাই ফুৰিছে৷অসম, ভাৰতক বচাবলৈ হ’লে একতা বঢ়াব লাগিব৷মোদী, হিমন্ত থকালৈকে আমি ঐক্যতা বঢ়াব নোৱাৰোঁ৷এইসকলক পদবীৰ পৰা আঁতৰাব লাগিব৷ মনিপুৰৰ হোৱা ঘটনা এটা ষড়যন্ত্ৰৰ ফল৷ধৰ্ষণক সাধাৰণ কথা হিচাপে মানি লৈছে মুখ্যমন্ত্ৰীয়ে৷অসমত বহুদিন ধৰি শাসক পক্ষই ঘৃণাৰ বাৰ্তাই বিয়পাই আছে৷কেৱল হিন্দু-মুছলমান বুলিয়ে নহয় সকলো জনগোষ্ঠীৰ মাজত হিংসা বিয়পিব পাৰে৷সমষ্টি পুন নিৰ্ধানৰ সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক৷বিভাজনৰ ৰাজনীতিয়ে কেৱল মানুহকে বিভাজন নকৰে, ই ৰাষ্ট্ৰকো প্ৰতিনিধিত্ব কৰে৷মুখ্যমন্ত্ৰীৰ ধৰ্ষণৰ ওপৰত দিয়া মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক৷এনে মন্তব্য দিলে আমাৰ মাজত সংঘাট হ’ব পাৰে৷