পঞ্চসুৰৰ গ্ৰীষ্মকালীন কৰ্মশালা

পঞ্চসুৰৰ গ্ৰীষ্মকালীন কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ পঞ্চসুৰৰ উদ্যোগত আৰু সংগীত নাটক অকাদেমী,নতুন দিল্লীৰ সহযোগত ৭জুলাইৰ পৰা আৰম্ভ হোৱা গীষ্মকালীন কৰ্মশালাৰ সামৰণী পৰে । পঞ্চসুৰৰ মুখ্য উপদেষ্টা নৃত্যাচাৰ্য্য যতীন গোস্বামীয়ে প্ৰশিক্ষাৰ্থীসকলক আশীৰ্বাদ দিয়ে। ’আমাৰ অসম’ বাতৰি কাকতৰ জ্যেষ্ঠ সাংবাদিক, লেখক মন্টু শইকীয়া আৰু সংগীত নাটক অকাডেমীৰ বঁটাৰে সন্মানীত ৰঞ্জুমণি শইকীয়া উপস্থিত থাকে।কৰ্মশালাত উপস্হিত থাকে কণিকা ইংতি , অভিজিত চাংমাই , সুৰুজ কলিতা , দেৱজিৎ ডেকা , অংশু প্ৰতীম শইকীয়া আৰু দেৱস্মৃতা ৰয়ে । লোক নাচ,দমাহী কেকান , গোৱালপাৰীয়া ,লহৰী ,হুচৰী ,আবৃত্তি ,যোগাসন , script reading,আদি বিষয়ৰ ওপৰত প্ৰাথমিকভাৱে প্ৰশিক্ষণ দিয়া হয়৷ কৰ্মশালাখন পৰিচালনা কৰে বিশিষ্ট লোকসংগীত শিল্পী প্ৰবীন কুমাৰ শইকীয়া,ৰশ্মিৰেখা শইকীয়াই৷