দুৰ্নীতিৰ লগত জড়িত ১১৭ গৰাকী বিষয়া কৰ্মচাৰীক বৰ্তমান চৰকাৰৰ কার্যকালত গ্ৰেপ্তাৰ

দুৰ্নীতিৰ লগত জড়িত ১১৭ গৰাকী বিষয়া কৰ্মচাৰীক বৰ্তমান চৰকাৰৰ কার্যকালত গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্তমানৰ ৰাজ্য চৰকাৰখনে প্রশাসনক দুর্নীতিমুক্ত কৰি জনসাধাৰণক সুশাসন প্ৰদানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে।বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণৰ দিনটোৰ পৰাই চৰকাৰী কাৰ্যালয়সমূহ দুর্নীতিমুক্ত কৰাৰ বাবে প্ৰায়বোৰ চৰকাৰী কাম-কাজ অনলাইনযোগে কৰাৰ পদক্ষেপ গ্ৰহণৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰে। চৰকাৰখনৰ এনে কঠোৰ স্থিতিৰ পৰিপ্ৰেক্ষিতত ২০২১ চনৰ ১০ মে’ৰ পৰা বৰ্তমানলৈকে দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ে মুঠ ১১৭গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই  টুইটাৰযোগে এই কথা সদৰী কৰি কয় যে দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ে দুর্নীতিবিৰোধী অভিযান সফলভাৱে চলাইছে। প্ৰশাসনত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে এই অভিযান আগন্তুক দিনতো শক্তিশালী ৰূপত চলি থাকিব।দুৰ্নীতিৰ লগত জড়িত এতিয়ালৈ ১১৭ গৰাকী বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ উপৰি বিগত দিনসমূহত কেইবাশ বিশেষকৈ মাটিৰ দালালো গ্ৰেপ্তাৰ হৈছে। পিছে উদ্বেগৰ বিষয় এয়ে যে চৰকাৰৰ ইমান কঠোৰ পদক্ষেপৰ পাছতো চৰকাৰী কাৰ্যালয়সমূহ এতিয়াও দুর্নীতিমুক্ত হৈ উঠা নাই। ফলশ্ৰুতিত প্রায় এদিন-দুদিনৰ অন্তৰে অন্তৰে দুৰ্নীতিৰ অভিযোগত চৰকাৰী বিষয়া-কৰ্মচাৰী জালত পৰিয়েই আছে।