শাওনৰ পথাৰ- অনামিকা কলিতা

শাওনৰ পথাৰ

অনামিকা কলিতা

শাওনৰ প্ৰথমজাক বৰষুণে সেউজ অহাৰ
বাতৰি দিলে শাওনৰ পথাৰখনক।।
সেউজীয়া আৰু জীয়া সপোনৰ তুলিকাৰে
ব্যস্ত শাওনৰ পথাৰ।।
প্ৰচণ্ড ৰদত ৰোৱনীসকল ব্যস্ত শাওনৰ
পথাৰখনক সেউজীয়া কৰাত
ৰোৱনীৰ ৰঙা ওঠৰ হাঁহিত মুখৰিত হৈ উঠে।
শাওনৰ ভৰ দুপৰীয়া।
মেঘেও যেন মাদল বজাই নীল আকাশত,
সপোন সিজিবৰ হ’ল উদং পথাৰখনত।
সেউজীয়া শাওনে কঢ়িয়াই আনে
নানা সপোন খেতিয়েক ককাইলৈ।।
ৰাংধালী ৰোৱনীৰ এমোকোৰা হাঁহিয়ে
জিলিকাই তোলে বোকাময় পথাৰ।
তীব্ৰ ৰদ, তপত বোকা, ম’হ, জোকৰ তাণ্ডৱ
হেলাৰঙে আওকান কৰি ৰোৱনীৰ হাতত
কঠিয়াই পথাৰ সেউজীয়া কৰি তোলে।
হে কৃষক ভাগৰিও ভাগৰি নপৰা
তোমাৰ দেহ,তোমাৰ শ্ৰম।
তোমালোকৰ শ্ৰমৰ বিনিময়ত যেন আমি
সুখৰ ভাত এখাজ খাইছো।।
সেই কৃষকলৈ সহস্ৰ প্ৰণাম,
তোমালোক আছা বাবেই আমিবোৰ আছো
হে জীৱন তুমি ধন্য।