শাওণৰ সেউজীয়া – মানসী মিশ্ৰ

শাওণৰ সেউজীয়া 

মানসী মিশ্ৰ

শাওণৰ পথাৰ খনে
সাৰ পায় নে প্ৰতিটো পুৱা,
পথাৰখনে বাৰু ভাবেনে
ক্ষুধাতুৰ মানুহৰ কথা
বানপানীত উদং হোৱা ভঁৰাল
বালিৰে পোতখোৱা চৌপাশ
তাৰ মাজে মাজে শাওণৰ পথাৰ
ইয়াতে সেউজীয়াই জীৱনৰ ভৰসা
ভোকাতুৰ মানুহৰ জীয়াই থকাৰ আশা।
এৰা, শাওণৰ পথাৰখনে
সাৰ পায় নে প্ৰতিটো পুৱা
শাওণৰ সেউজীয়াবোৰ অবিহনে
খাটি খোৱা মানুহৰ জীৱন যে উকা।