“জুবিন গাৰ্গে উন্মোচন কৰিলে IDOL OF ASSAMৰ বেনাৰ”

“জুবিন গাৰ্গে উন্মোচন কৰিলে IDOL OF ASSAMৰ বেনাৰ”

ৰঙিলী বাৰ্ত্তাসেৱা- ২ জুলাইৰ বিয়লি ৩ বজাত শিল্পী জুবিন গাৰ্গৰ জোলালীস্থিত ষ্টুডিঅ’ত HD Entertainmentৰ উদ্যোগত CMD হিৰকজ্যোতি ভূঞা আৰু ডিম্পল বৰুৱাৰ প্ৰযোজনাত, শিল্পী অনুপম শইকীয়াৰ পৰিচালনাৰে অনুষ্ঠিত হ’বলগীয়া Idol of Assam (voice of zubeens music), Season-1 শীৰ্ষক ৰিয়েলিটি শ্ব’ৰ বেনাৰ উন্মোচন তথা এখনি সংবাদ মেল আয়োজন কৰা হয়। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তিৰ চিনাকী পৰ্বৰ পিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয়। বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে HD entertainment ৰ চেয়াৰপাৰ্চন ৰূপেশ্বৰ ভূঞাই। লগতে জুবিন গাৰ্গৰ গীতকলৈ অনুষ্ঠিত হ’বলগীয়া Idol of Assam (voice of zubeens music), Season1 ৰ বিষয়ে উপস্থিত সংবাদ মাধ্যমক অৱগত কৰে শিল্পী দুয়োগৰাকীয়ে। সদৌ শেষত, উপস্থিত সংবাদ মাধ্যমৰ প্ৰতিগৰাকী সদস্যক সহায় আৰু সহযোগিতা প্ৰদান কৰা বাবে কৃতজ্ঞতা জনাই হিৰকজ্যোতি ভূঞাই। সবিশেষ জানিবলৈ চাওক www.hdentertaintment.softnue.in