পৃথিৱীৰ কোনো মানুহ সমালোচনাৰ উৰ্ধত নহয় – নাছিৰ আহমেদ

PC-Shutterstock
পৃথিৱীৰ কোনো মানুহ সমালোচনাৰ উৰ্ধত নহয়
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
বিশ্ব বিশ্ৰুত কবি, নাট্যকাৰ, আৰ্টিষ্ট,চিত্ৰকৰ,গায়ক, ইতিহাসবিদ, বৈজ্ঞানিক,ধৰ্মগুৰু ইত্যাদি কোনোৱে পূৰ্ণাংগ নহয়। এই ক্ষেত্ৰত ইচলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ এষাৰ কথা অতি প্ৰণিধানযোগ্য । তেওঁ কৈছিল যে , মানুহ মাত্ৰেই ভুল, দোষ হয়,মই মানুহ, গতিকে মোৰো ভুল দোষ আছে। বিশ্ব বিশ্ৰুত নাট্যকাৰ ছেক্সপীয়েৰৰ বিখ্যাত উক্তি সমূহ যেনে – frailty thy name is woman , To bo or not to be ,that is the question etc. বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ” মৎস মাৰিব খাইবো সুখে, লেখা পঢ়া কৰিব কিসেৰ দুঃখে” বিখ্যাত নাট্যকাৰ ইবচেনৰ এখন বিখ্যাত নাটকৰ উক্তি ” a strongest Man is he ,who stands alone” আদি ধাৰণা সমূহ বৰ্তমান যুগৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ শুদ্ধ যেন‌‌ নেলাগে। বিদ্ৰোহী কবি কাজি নজৰুল ইছলামৰ শেষ বয়সত লিখা শ্যামা সংগীত আৰু নিৰাশাজনক কবিতা সমূহ পঢ়িলে‌ তেওঁক এজন নিৰাশবাদী, আধ্যাত্মিক কবি বুলি গণ্য কৰিব পাৰি। বাস্তৱবাদী ঔপন্যাসিক শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ প্ৰধান চৰিত্ৰ দেৱদাসক অতি কল্পনাপ্ৰৱণ অবাস্তৱ দূৰ্বল চৰিত্ৰ হিচাপে দেখুওৱা হৈছে। এনেকৈ সমালোচনা কৰিলে বিশ্ব বিশ্ৰুত কবি, নাট্যকাৰ, গায়ক সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰ নাথ দুৱৰা, হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন, ডঃ হীৰেন গোহাঁই, হোমেন বৰগোহাঞিৰ, চৈয়দ আব্দুল মালিক আদি বিখ্যাত কবি, সাহিত্যিক সকলৰ বহুতো লেখনিৰ ভুল-ত্ৰুতি দেখুৱাই দিব পাৰি । কিন্তু, এই ধৰণৰ সমালোচনা প্ৰগতিশীল সমালোচনা নহয়। এজন কবি,নাট্যকাৰ , সাহিত্যিকৰ সম্পূৰ্ণ সাহিত্য সম্ভাৰৰ ওপৰত ভিত্তি কৰিহে‌ তেওঁৰ সৃষ্টিৰাজিৰ মূল্যায়ন কৰা উচিত।আনহাতে সমালোচক জন উদ্দেশ্য-প্ৰণোদিত হৈ যদি সমালোচনা আগবঢ়ায়, তেনেহলে তেনে সমালোচনা হ’ব নিম্ন স্তৰৰ।তিনি বছৰ আগতে  ছচিয়েল মিডিয়াত এখন আগশাৰী মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী  আদি কৰি কিছুমান সংক্ৰীৰ্ণ , ধৰ্মান্ধ, হিন্দু-মুছলমান পাশা খেলত উন্মত্ত সমালোচকে চৈয়দ আব্দুল মালিকৰ দৰে প্ৰগতিশীল সাহিত্যিকৰ ” মই অসমীয়া” কবিতাৰ ভুল ব্যখ্যা কৰি তেওঁৰ চৰিত্ৰৰ ওপৰত কলঙ্ক সানিবলৈ চেষ্টা কৰাটো নিঃসন্দেহে গৰিহণাৰ যোগ্য।গতিকে, কোনো সৃষ্টিশীলতাক বিকাশৰ বাবে সমালোচনাৰ প্ৰয়োজন আছে ; কিন্তু সেই সমালোচনা এগৰাকী কবি বা সাহিত্যিকৰ সামগ্ৰিক সৃষ্টিৰ ওপৰত ভিত্তি কৰি গঠনমূলক সমালোচনা কৰা দৰকাৰ। ধ্বংসাত্মক সমালোচনা সৃষ্টি কাৰ্যৰ অন্তৰায়-স্বৰূপ।