আকাশী বন্ধু
মুন শৰ্মা, লখিমপুৰ
মনত পৰিছে তোমালৈ আকাশী বন্ধু ;
পোৱা নাই আজি লগ বহু দিন হ’ল,
তোমাৰ অবিহনে মোৰ নিৰস গধূলি ;
জীপাল নহয় এটিও গধূলি।
ডাৱৰে আৱৰা সন্ধ্যাৰ আকাশত ,
তোমাকে বিচাৰো সদায় জানা ;
জানোচা তুমি আহিছা বুলি !
সদায় নিৰাশ মই বন্ধু শুনা
নাপাওঁ বিচাৰি তোমাক এদিনো;
মেঘ ককাই বোলে কিবা খং বহুত,
কাৰোবাৰ অপেক্ষাত নাযায় আঁতৰি।
সেয়ে বোলে বন্ধ পথ !
তোমাৰ মোৰে মিলন ভূমিৰ
নিসংগ জীৱনৰ একমাত্ৰ তুমি বন্ধু ,
তোমাৰ অবিহনে নাযায় এটিও সন্ধ্যা।
তথাপিও উপায় নাই জানা গগন বন্ধু,
অলপ দিনৰ অপেক্ষাত থাকিম ,
মেঘ দাদাৰ খং কমিব ;
মুকলি হব তোমাৰ আকাশ,
জিলিকি উঠিবা তুমি আকাশত;
অলেখ তৰাৰ লগত আহিবা তুমি !
আকৌ মিলন হ’ব আমাৰ মাজত,
উপভোগ্য হৈ উঠিব প্ৰতিটো গধূলি;
উলাহত নাচিম মই জঁপিয়াই জঁপিয়াই।।