কর্ম আমাৰ ধৰ্ম – মুন শৰ্মা

PC - Adobe Stock
কর্ম আমাৰ ধৰ্ম
মুন শৰ্মা, লখিমপুৰ
হতাশ  নহওঁ ঐ ভাই বন্ধু আমি,
আগুৱাব হ’ল জীৱন বাটত ,
কৰ্মবিমুখ  ভাগ্যক ধীয়াই থাকিলে নহ’ব।
সপোন বোৰ  জীপাল কৰ;
মন বোৰ দৃঢ় কৰ;
বুকু বোৰ ডাঠ কৰ;
কৰ্মক ধৰ্ম কৰ।
কৰ্ম হ’ব আমাৰ মূলধন,
কষ্ট হলেও ন’ৰও থমকি,
কৰ্মক আগত ৰাখি কৰিম যুদ্ধ,
এদিন  কৰ্মৰ দ্বাৰাই আমাৰ,
হেঁপাহৰ  সপোন পূৰণ হ’ব।
এবাৰ বিফল নহওঁ হতাশ;
দুদিন বিফল নহওঁ হতাশ;
এদিন সফল হমেই আমি।
লাগিব মাথোন নিৰন্তৰ প্ৰচেষ্টা,
সফল কৰাৰ  অদম্য  হেঁপাহ।
কোনেও নিদিয়ে গঢ়ি আমাৰ সপোন,
গঢ়িব লাগিব আমি নিজেই,
আহ আমি আগুৱাও সকলোৱে ঐ,
নিজৰ সপোন সাৰ্থক কৰো,
কৰ্মবিমুখ পোছাক যোৰ দূৰলৈ দলিয়াও।