১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়াবহ দুৰ্ঘটনা

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়াবহ দুৰ্ঘটনা

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা- বিগত কিছু দিনত দৰং জিলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনা সমূহৰ দুখজনক প্ৰতিক্ৰিয়া সমূহ এতিয়াও ভুক্তভোগী পৰিয়ালসমূহত উমি উমি জ্বলি আছে। ইতিমধ্যে মৃত্যুদূতত পৰিণত হোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাত মঙ্গলদৈ আৰক্ষী থানাৰ অন্তৰ্গত পিপিৰাদোকানৰ সমীপত ট্ৰাকৰ চেপাত এজন যুৱক থিতাতে নিহত হয়। নিহত লোকজন সৰু থেকেৰাবাৰী গাওঁৰ বাহাৰুল ইছলাম (26) বুলি জানিব পৰা গৈছে ।