উত্তৰ গুৱাহাটী মাজগাঁও ফেৰী ঘাটত অঘটন
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ গুৱাহাটী মাজগাঁও ফেৰী ঘাটত অঘটন। ব্রহ্মপুত্রত সলিল সমাধি ধনজিৎ ইংতি নামৰ লোকজন। ধনজিৎ ইংতি জল পৰিবহণ বিভাগৰ কৰ্মচাৰী আছিল। কৰ্মচাৰীজনক উদ্ধাৰৰ বাবে উপস্থিত হৈ এছ ডি আৰ এফ–নদী আৰক্ষীয়ে অভিযান আৰম্ভ কৰে আৰু কিছুসময় পিছতে তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। এই ঘটনাত সহকৰ্মীসকলৰ মাজত শোকৰ ছাঁ পেলায়।
