অগ্নিশিখা- হেমন্ত

Pc Vectorstock

অগ্নিশিখা

হেমন্ত

অগনিৰ কণিকাবোৰ
চৌদিশে বিচ্ছুৰিত হয়,
প্ৰাণৰ শিল্পীজনৰ
আজিৰ তাৰিখতে
জন্ম হয়!
অগনি যুগৰ
ফিৰিঙতি তুমি,
হে মোৰ প্ৰাণৰ শিল্পী,
জ্যোতিপ্ৰসাদ ,তুমি !
আজি তুমি
মৰিও অমৰ,
জনতাই পূজা কৰে যে
তোমাৰ!
অসমীয়া ছবিৰ
জন্মদাতা তুমি,
জয়মতীৰে দিলা
নিজৰ চিনাকী!
আজি অসমীয়া
ছবিজগতলৈ সুদিন
আহিছে……
ড.বেজবৰুৱা
শ্ৰী ৰঘূপতিয়ে
তোমাৰ সৃষ্টিক …..
অমৰত্ব প্ৰদান কৰিছে!

মোৰ প্ৰাণৰ শিল্পী
জ্যোতিপ্ৰসাদ,
আজি তোমাৰ
জন্মদিনত জনাইছোঁ……
সশ্ৰদ্ধ প্ৰণিপাত!
তুমি অসম মুলুকত
আকৌ জন্ম হৈ……
ধ্বংস হ’বলৈ ধৰা জাতিটোক
পুনৰোদ্ধাৰ কৰা!
প্ৰণিপাত…..
প্ৰণিপাত……
প্ৰণিপাত……