অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(কামৰূপ মহানগৰ জিলা সমিতি) ৰ অৱস্থান ধৰ্মঘট
ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত শিলপুখুৰীৰ ৰাজহুৱা উদ্যানৰ সমীপৰ শিৱমন্দিৰ(অটোস্থান) ৰ কাষত মণিপুৰৰ শান্তি- শৃংখলা ৰক্ষাত চূড়ান্তভাৱে ব্যর্থ হোৱা এন বীৰেন সিঙৰ,চৰকাৰ ভংগ কৰি মণিপুৰত ৰাষ্ট্রপতি হস্তক্ষেপ কৰাৰ দাবীত অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে৷এই কাৰ্য্যসূচীত নেতৃত্ব প্ৰদান কৰে পৰিষদৰ সভাপতি সঞ্জীৱ ৰায় চৌধুৰী, সম্পাদক সুকুমাৰ বৰ্মন,জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী বিনা কুমাৰী, কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক ৰীণা বৰুৱা কলিতাকে আদি কৰি প্ৰায় ৩৮ জন পৰিষদৰ সদস্য- সদস্যাই অংশ গ্ৰহণ কৰেআনহাতে, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি লৈ দাবী সন্মিলিত এক স্মাৰক পত্ৰ ACP(Central)ৰ যোগেদি প্ৰেৰণ কৰে।