ৰাজনৈতিক নেতাবোৰ নীতি আদৰ্শহীন হৈছে নেকি ?-দেবর্ষি গৌতম

Pc- Bangalore Political Action Committee

ৰাজনৈতিক নেতাবোৰ নীতি আদৰ্শহীন হৈছে নেকি ?

যিকোনো এটা ৰাজনৈতিক দলৰ যেতিয়া জন্ম হয় তেতিয়া সেই ৰাজনৈতিক দলটোৰ এটা বিশেষ উদ্দেশ্য আগত ৰাখি জন্মলাভ কৰে। নীতি-আদৰ্শৰ ওপৰত ভিত্তি কৰিয়ে দলটোক আগবঢ়াই লৈ যোৱা হয়। দলটোৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন সাধাৰণ লোকে দলটোত যোগদান কৰিবলৈ আগবাঢ়ি আহে। নীতি আদৰ্শহীন এটা ৰাজনৈতিক দল কেতিয়াও দীৰ্ঘ সময়ৰ বাবে ৰাইজৰ মাজত জীয়াই থাকিব নোৱাৰে। যিসকল প্ৰকৃত ৰাজনৈতিক নেতা কৰ্মী সেইকলে নিজৰ ৰাজনৈতিক নীতি-আদৰ্শৰ লগত কেতিয়াও আপোচ নকৰে। দলৰ ভাল অথবা বেয়া সকলো পৰিস্থিতিতে দলত থাকি দলক আগবঢ়াই লৈ যোৱাটোৱে নীতি-আদর্শবান নেতা কৰ্মীৰ মূল লক্ষ্য আৰু উদ্দেশ্য। ব্যক্তি স্বার্থতকৈ দলীয় স্বাৰ্থৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰাটো নিষ্ঠাবান কৰ্মীসকলৰ মূল লক্ষ্য। কিন্তু আমি বৰ্তমান সময়ৰ প্ৰেক্ষাপটত ৰাজনৈতিক নেতা কৰ্মী সকলৰ মনোভাব কিছু সলনি হোৱা দেখিবলৈ পাইছোঁ। যিকোনো পৰিবেশ অথবা পৰিস্থিতিৰ দোহাইদি যদি কোনো ৰাজনৈতিক নেতাই নিজৰ নীতি আৰু আদৰ্শৰ লগত আপোচ কৰে তেনেহলে তেনেকুৱা ৰাজনৈতিক নেতাৰ নীতি আদৰ্শৰ প্ৰতি কিমান সন্মান আছে তাক সাধাৰণ জনতাই সন্দেহৰ চকুৰে চোৱাটো একেবাৰে স্বাভাৱিক কথা। পৰিবেশ অথবা পৰিস্থিতি যিয়েই নহওক লাগিলে প্ৰকৃত নীতি আদর্শৰ প্ৰতি আকৃষ্ট হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলা নেতা কৰ্মীয়ে দলীয় নীতি আদৰ্শৰ প্ৰতি কেতিয়াও আপোচ নকৰে। বৰ্তমান সময়ত বহুতো নেতা কৰ্মীয়ে সঘনাই দল সলনি কৰাৰ এক যোৱাৰ উঠিছে। সেইয়া লাগিলে ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবেই হওক অথবা ক্ষমতাৰ লালসাতে হওক অথবা নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থতে হওক। ৰাজনীতি কোনো পেছা নহয়। ৰাজনীতি সাধাৰণ ৰাইজৰ সেৱা কৰাৰ এক উৎকৃষ্ট মঞ্চ। ৰাজনীতিৰ এই মঞ্চ খনৰ জৰিয়তে এগৰাকী ব্যক্তিয়ে নিঃস্বাৰ্থভাৱে সাধাৰণ জনতাৰ সেৱা আগবঢ়াই যাব পাৰে। কিন্তু যেতিয়া ৰাজনৈতিক মঞ্চ খন সাধাৰণ ৰাইজৰ সেৱা আগবঢ়োৱাৰ পৰিবৰ্তে যদি নিজৰ স্বাৰ্থ পূৰণৰ আহিলা হিচাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে তেনেহলে সাধাৰণ ৰাইজৰ আশা-ভৰসা একেবাৰে নিঃশেষ হোৱাৰ উপক্ৰম হয়। বহু ৰাজনৈতিক নেতাই দলীয় নীতি আদৰ্শৰ কথা কৈ গাদী দখল কৰাৰ পাচত সকলো নীতি আদৰ্শৰ কথা পাহৰি গৈ কেৱল ব্যক্তিগত মুনাফা লাভৰ অংকত ব্যস্ত হৈ পৰে। যদি এনেকৈ ৰাজনীতি চলি থাকে তেনেহলে “বেয়া মানুহৰ শেষ আশ্ৰয় স্থল ৰাজনীতি” বুলি মানুহৰ মুখে মুখে প্ৰচলিত সেই বাক্য শাৰী সঁচা হবলৈ আমি হয়তো বহুত বেছি দিন অপেক্ষা কৰিব নালাগিব। এক মহৎ উদ্দেশ্য আগত ৰাখি এক নীতি আৰু আদৰ্শৰ দ্বাৰা ৰাইজৰ সেৱা কৰাৰ স্বাৰ্থত এটা ৰাজনৈতিক দলৰ প্ৰতিষ্ঠা হয়। যদি সচাকৈ তেনেদৰে সেই ৰাজনৈতিক দলটোৱে ৰাইজৰ সেৱা আগবঢ়াই তেনেহলে সাধাৰণ ৰাইজে কেতিয়াও ৰাজনীতিৰ প্ৰতি বিতুষ্ট হবলগীয়া নহয়। সেৱাৰ মনোভাব পৰিহাৰ কৰি যদি কেৱল ব্যক্তি স্বাৰ্থ আৰু ক্ষমতাৰ লালসাত ৰাজনীতি কৰিবলৈ আৰম্ভ কৰা হয় তেনেহলে সেইয়া সাধাৰণ জনতাৰ হিতৰ বিপৰীতে হোৱাতো নিশ্চিত। ৰাজনীতিক কৰা প্ৰতিগৰাকী ব্যক্তি যাতে প্ৰতি মুহূৰ্ততে ৰাইজৰ ওচৰত থাকি ৰাইজৰ অভাৱ-অভিযোগ, দুখ দুৰ্দশাৰ খবৰ ৰখাৰ উপৰিও নিজৰ নীতি-আদৰ্শক মজবুত ৰূপত উপস্থাপন কৰি ৰাইজৰ সেৱা আগবঢ়াই তেতিয়াহে হয়তো এগৰাকী ব্যক্তিৰ ৰাজনৈতিক জীৱন সফল হোৱা বুলি কব পৰা হব। প্ৰতিগৰাকী ৰাজনৈতিক নেতা কৰ্মীয়ে ৰাজনীতি সাধাৰণ লোকৰ মনত যাতে প্ৰতাৰণাৰ মঞ্চ হিচাপে প্ৰতিষ্ঠা হোৱাৰ বিপৰীতে বিশ্বাস আৰু গ্রহণযোগ্যতাৰ মঞ্চ হিচাপে প্ৰতিষ্ঠা হয় তাৰ ওচৰত গুৰুত্ব প্ৰদান কৰিব লাগে।

দেবর্ষি গৌতম
 বনগাঁও