পৰীক্ষাত অকৃতকাৰ্যতাই জীৱনৰ বিফলতা নুবুজায় – দিপ্তী মনি গোস্বামী

PC-Clever Girl Finance
পৰীক্ষাত অকৃতকাৰ্যতাই জীৱনৰ বিফলতা নুবুজায়
দিপ্তী মনি গোস্বামী, লখিমপুৰ
Failuer is the pillar of success
অকৃতকাৰ্যতাই কৃতকাৰ্যৰ মূল।
আমাৰ জীৱন এখন যুদ্ধ ক্ষেত্ৰ, আমি বোৰ ৰণুৱা।
যুদ্ধ বুলিয়েই হৰা-জিকা, জীৱন যুদ্ধত অনেক বিষয় বস্তু সাঙোৰ খাই থাকে। তাৰে এটা বিষয় ছাত্ৰ -ছাত্ৰী সকলৰ পৰীক্ষা পদ্ধতিটোও। সকলো যদি একেবাৰেই জিকি যায় , তেতিয়া হ’লে হাৰিব কোন? আমাক হৰাটোও প্ৰয়োজন,কাৰণ; আমি হাৰিলেহে নিজক সুক্ষ্ম বিশ্লেষণ কৰাৰ সুবিধা কণ পাম। যেতিয়া আমাৰ দুৰ্বল প‌ইন্টটো আমি বিচাৰি ওলিবলৈ সক্ষম হম, তেতিয়া আমাৰ জয় অনিবাৰ্য, মানে জিকি যাম। মকৰা এটাই জাল এখন গাঁথিবলৈ বহুবাৰ প্ৰয়াস কৰাৰ অন্তত হে কৃৰ্তকাৰ্যতা হ’ব পাৰে। সিহঁত কিন্তু হতাশ নহয়। গতিতে আমিও সেই উদাহৰণ টোকে মাইলৰ খুঁটি হিচাবে লৈ জীৱন যুদ্ধত দুগুণ উৎসাহেৰে আগুৱাই যোৱা টোহে আমাৰ  আচল পৰিচয়। জীৱ শ্ৰেষ্ঠ মানৱী জনম ধৰাৰ সাৰ্থকতা।সফলতা আৰু বিফলতা আমাৰ  জীৱনৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি , এটি নিৰূপণৰ দিশ। সফলতাৰ বিপৰীতে বিফলতা, এটা আনটোৰ পৰিপূৰক। আমি সকলোৱে জীৱন যাত্ৰাত সফলতা লাভৰ প্ৰয়াস কৰোঁ। ই সকলোৰে কাম্য।  কেতিয়াবা যথাসম্ভৱ চেষ্টা কৰাৰ পিছতো  আমি কৰা কাৰ্য্যত বিফলতাৰ সন্মুখীন হওঁ।  সেই আশাহত ফলাফল ৰ সন্মূখীন হবলৈ বহুত কষ্ট পাওঁ। মানসিক ভাৱে ভাগি পৰি মনৰ উদ্যম হেৰুৱাই পেলাওঁ। , হতাশাই হৃদয়ত বাঁহ সাজে, ই শুভ লক্ষণ নহয়। আচলতে ই সমূলি অনুচিত। কিয়নো মানুহৰ জীৱনত সফলতা আৰু বিফলতা এই দুয়োটা দিশ অপৰিহাৰ্য। সকলো মানুহ সমানে একে সময়তে  সফল হ’ব নোৱাৰে, ই অতি স্বাভাৱিক কথা। সাঁতুৰ খেল এখনত বা পৰ্বতাৰোহণৰ লক্ষ্যত  প্ৰতিজন অংশগ্ৰহণ কাৰীয়েই বিজয়ী হ’ব নোৱাৰে বা বিশেষ স্থান দখল কৰিবলৈ সক্ষম হ’ব নোৱাৰে।  বহু সংখ্যক আদবাটতে ৰৈ যাব লগীয়াত পৰে।  আদবাটতে ৰৈ যোৱা  প্ৰতিযোগী সকলক  তু আমি মূল্যহীন বুলি ক’ব নোৱাৰোঁ। কাৰণ তেওঁলোকো একোজন একোজন খেলুৱৈ বা সু-অংশগ্ৰহণকাৰী। মাত্র চেষ্টা কৰাৰ পিছতো তেওঁলোক   স্থান লাভ কৰিবলৈ সক্ষম হ’ব পৰা নাই। হয়তো চেষ্টা অব্যাহত ৰাখিলে অনাগত দিনলৈ ভৱিষ্যতলৈ তেওঁলোকেও সেই যথাযোগ্য স্থান লাভ কৰিবলৈ সক্ষম হ’ব।সেই একে দৃষ্টিৰে ফঁহিয়াই চাওঁ… বৰ্তমানৰ সময়ত মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত বিফল হোৱা বা আশা কৰামতে ফলাফল লাভ কৰিবলৈ সক্ষম নোহোৱা  পৰীক্ষাৰ্থী সকলৰ ক্ষেত্ৰতো একেই বুলিব পাৰি। কিছুমান সফল হৈছে আৰু কিছুমান বহু চেষ্টাৰ পিছতো বিফল হৈছে। হয়তো চেষ্টা অব্যাহত ৰাখিলে বিফল হোৱা পৰীক্ষাৰ্থীসকলো এদিন সফল হ’বলৈ সক্ষম হ’ব। ই ধুৰূপ। দুখৰ বিষয়, বৰ্তমান কিছু কিছু ঠাইত আমি দেখিবলৈ পাইছোঁ যে – বহু  যত্ন চেষ্টাৰে আগবাঢ়ি  বিফল হোৱা পৰীক্ষাৰ্থীসকলৰ মন আজি ভাগি পৰিছে বা হতাশ হৈছে। জীৱনটোৰ প্ৰতি অনিহা মনোভাৱেৰে এটা নেতিবাচক মনোভাৱ কঢ়িয়াই আনিছে। ই কিন্তু একেবাৰেই গ্ৰহণ যোগ্য হ’ব নোৱাৰে। পৰীক্ষাত সফল হোৱা মানেই সমস্ত জীৱন সফল তেনে মনোভাৱ একেবাৰেই ভুল ধাৰণা। আৰু বিফল হোৱা মানেই যে সমস্ত জীৱন বিফল , তেনে মনোভাৱ গ্ৰহণ কৰা সিও ষোল্ল অনাই ভুল। এই পৰীক্ষা হ’ল আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰখনত আনুষ্ঠানিক মানদণ্ড নিৰূপণ কৰা এটা মাত্ৰ প্ৰক্ৰিয়া বা পদ্ধতি। ই কেতিয়াও কাৰোৱে জীৱনৰ সৰ্বস্ব নহয়। জীৱনটো বহু মূল্যৱান। আগলৈ পৰি থকা  জীৱনত কৰিবলগীয়া বহু আছে। সফলতা কেৱল   আনুষ্ঠানিক শিক্ষাৰ পৰীক্ষাৰ নিৰূপণৰ দ্ধাৰা নিৰূপণ কৰা বস্ত নহয়।আমাৰ সমাজ ব্যৱস্থাত প্ৰতিটো দিশৰে প্ৰতিটো বস্তুৰে অমূল্য মূ্ল্য আছে। মূল্যহীন বুলি কোনো বস্তু নাই। সকলো বস্তুৰে এটা নিৰ্দিষ্ট সময়ত মূল্য বিচাৰি পোৱা যায়। বনৰ ৰজা সিংহতকৈও কেতিয়াবা ক্ষুদ্ৰ নিগনিৰ মূল্য অধিক হয়। অৰণ্যৰ মাজত স-গৌৰৱেৰে জিলিকি থকা  শাল, চেগুন আদিৰ দৰে মূল্যবান গজ জোপাই  কৰিব নোৱাৰা   কাম  এটা ভৰিৰ গছকত মৰা  দুৱৰি বা মানিমুনি জোপাই কৰিব পাৰে। আমাৰ দেশৰ আমি সকলো শ্ৰমিক, কিছু ক্ষুদ্ৰ শ্ৰমিক কিছু ডাঙৰ শ্ৰমিক। কিন্তু সকলোৱে একেই দুবেলা দুসাজি খাই জীয়াই আছে।  গতিকে সমাজখনত সকলোৰে সৰু বৰ প্ৰয়োজন অপৰিহাৰ্য। সেয়ে পৰীক্ষাত বিফল হোৱা মানেই হতাশ হৈ পৰা বা জীৱনৰ প্ৰতি মোহভংগ হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে।  নতুন উদ্যমেৰে বুকুত সৎ সাহসেৰে টঙালি  বান্ধি যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হোৱাৰ মানস কৰাটোহে জীৱ-শ্ৰেষ্ঠ  মানৱৰ প্ৰধান আৰু পৰম কৰ্তব্য আৰু লক্ষ্য হোৱাটো বাঞ্ছনীয়।